হোজাই,19 নৱেম্বৰ: ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলা প্ৰশাসনৰ উদ্যোগত আৰু লামডিং প্ৰেছ ক্লাৱৰ সহযোগতো লামডিঙত অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ১৯৬৬ চনত সোমবাৰৰ দিনটোতেই প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই সাংবিধানিক সংস্থাৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল আৰু তেতিয়াৰ পৰাই 16 নৱেম্বৰৰ দিনটোত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰি অহা হৈছে ৷
হোজাই জিলা প্ৰশাসনৰ উদ্যোগতো লামডিঙত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি "কʼভিড ১৯ মহামাৰীৰ প্ৰভাৱ আৰু এই সময়ত সংবাদ মাধ্যমৰ ভূমিকা" শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই অনুষ্ঠানত মূখ্য আলোচক হিচাপে উপস্থিত থাকে অসমৰ প্ৰাগ নিউজৰ সহযোগী সম্পাদক দেৱজিৎ ভূঞা ।