হোজাই, 14 এপ্ৰিল : লক্ ডাউনৰ মাজতে হোজাই জিলাৰ লংকাৰ উদালী ৰাজপথত একাংশ লোকে আক্ৰমণ কৰিলে এগৰাকী শিশুক। লংকাৰ উদালী তিনিআলীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। লক্ ডাউনৰ বাবে দৰিদ্ৰ লোকৰ জীৱন যাপনত যি সমস্যাৰ সৃষ্টি হৈছে তাৰেই প্ৰতিফলন স্বৰূপ এইঘটনা ৷ লক্ ডাউন ভংগ কৰি একাংশই তাণ্ডৱ চলালে শিশুটিৰ ওপৰত ৷

লক্ ডাউন আৰু খাদ্য সংকটৰ বাবে লঘোনে থাকিবলগীয়া হৈছে বহু দুখীয়া দৰিদ্ৰ পৰিয়াল। প্ৰয়োজন অনুসাৰে লোক সকলে লাভ কৰা নাই চৰকাৰী সাহায্য ৷ এনে পৰিস্থিতিত বৃদ্ধি পাইছে চুৰিৰ ঘটনা । জয়নগৰ মাদ্ৰাছাৰ দানপাত্ৰ ভাঙি চুৰি কৰাৰ অভিযোগত হোজাই জিলাৰ উদালী তিনিআলীত এটি শিশুক ৰাজপথৰ ওপৰত নিৰ্মমভাৱে প্ৰহাৰ কৰে একাংশ লোকে । আইন হাতত তুলি উন্মাদপ্ৰায় লোকসকলে উপৰ্যুপৰি মাৰপিট কৰাত গুৰুতভাৱে আঘাতপ্ৰাপ্ত হয় শিশুটি ৷ কেৱল মাৰ পিটতে ক্ষান্ত নাথাকি কণমানিটিক মাৰপিটৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে হোজাই জিলাত।
লগতে পঢ়ক : লক ডাউনৰ ম্যাদ বৃদ্ধিৰ ঘোষণা প্ৰধানমন্ত্ৰীৰঃ ৰাজ্যজুৰি বিভিন্নজনৰ প্ৰতিক্ৰিয়া