হোজাই, 24 জুলাই : দেওবাৰে হোজাইত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত (Minister Keshab Mahanta in Hojai) ৷ হোজাইৰ বান বিধ্বস্ত অঞ্চলত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ক্ষয়-ক্ষতিৰ পৰিমাণ বুজ লয় ৷ লগতে বন্যাৰ্তৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰী কেশৱ মহন্তই ৷
এই বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰা সময়চোৱাত মন্ত্ৰীগৰাকীয়ে সংবাদিকৰ আগত কয় যে বানৰ সময়ত ক্ষয়-ক্ষতিৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিবৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ তিনিগৰাকী উচ্চপদস্থ বিষয়াৰ নেতৃত্বত গঠন কৰি দিছে এক বিশেষ কমিটি ৷ এই কমিটিৰ পুনৰীক্ষণকাৰী দলটোৱে হোজাই জিলাখনৰ তিনিওটা ৰাজহ চক্ৰতে ক্ষতিগ্ৰস্ত ৰাইজৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰি আছে (Damage caused by floods)৷

শনিবাৰৰ পৰা জিলাখনৰ অৱৰ্ত ভৱনত বাহৰ পাতি থকা মন্ত্ৰীগৰাকীয়ে বিভাগৰ মূৰব্বীসকল সৈতে দেওবাৰে জিলাখনৰ কিছু স্থান পৰিভ্ৰমণ কৰে (Minister Keshab Mahanta visited Flood effected area of Hojai) ৷ আনকি মন্ত্ৰীগৰাকীয়ে হোজাই ৰায়কতা কছাৰি গাঁওখনত বানে বিধ্বস্ত কৰা গড়কাপ্তানি পথ পৰিদৰ্শন কৰি স্থানীয় ৰাইজে সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে বুজ লয় ৷

লগতে ভগ্ন পথাংশ তৎকালীনভাৱে পুনৰ নিৰ্মাণ কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাক নিৰ্দেশ দিয়ে মন্ত্ৰী কেশৱ মহন্তই । দেওবাৰে হোজাই এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্ম, হোজাই বিজেপি জিলা সভাপতি অনুপ দেৰ লগতে কেইবাগৰাকীও দলীয় সদস্য ৷
লগতে পঢ়ক : Meeting on flood damage: বৰপেটাত বানত হোৱা ক্ষয়ক্ষতি সন্দৰ্ভত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক