হোজাই,17 আগষ্টঃ চৰকাৰৰ বৰ্তমানৰ স্থিতিক লৈ হোজাই জিলাৰ কাকী ডেৰাপথাৰত জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ ওপৰত হোজাই জিলা খিলঞ্জীয়া জাতি জনগোষ্ঠী উন্নয়ন পৰিষদৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয় । উক্ত সভাখনত বিভিন্ন চৰকাৰী আঁচনি সমূহ খিলঞ্জীয়া ৰাইজৰ মাজত কাৰ্যকৰী নোহোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৰ সদস্য সকলে।
সভাত হোজাই জিলা খিলঞ্জীয়া মঞ্চৰ সভাপতি প্ৰফুল্ল হাফিলায়ে অসমৰ কৃতিচিহ্ন সমূহ ৰক্ষনা-বেক্ষণৰ লগতে খিলঞ্জীয়া সকলক ব্যৱসায়-বানিজ্য , ৰাজনৈতিক ক্ষেত্ৰত সমান অধিকাৰ দিবলৈ সকলো ৰাজনৈতিক দল তথা চৰকাৰক আহ্বান জনাই । হোজাই জিলাত খিলঞ্জীয়া লোক সকলে দীৰ্ঘ দিনৰে পৰা প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হোৱা বুলি আন এক অভিযোগ কৰে ।
খিলঞ্জীয়া কোনো এটা জাতি-জনগোষ্ঠীকে চৰকাৰ খনে মাহী আইৰ চকুৰে নেচাই সমভাৱে সকলো জাতি জনগোষ্ঠীৰ সকলো দিশতে সম উন্নয়ন কৰিবলৈ চৰকাৰক দাবী জনাইছে সংগঠনটোৰ সদস্য সকলে। লগতে হোজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে তেজপুৰত ভালকৈ চিকিৎসা কৰাব লাগে বুলি কটাক্ষ কৰে খিলঞ্জীয়া জাতি জনগোষ্ঠী উন্নয়ন পৰিষদৰ সদস্য সকলে ।
লগতে পঢ়ক-যোৰহাটত 'কা' বাতিলৰ দাবীত মানৱ শৃংখল