হোজাই,25 এপ্ৰিল: হোজাই জিলাৰ ভালুকমাৰীৰ প্ৰফেচাৰ কলনীত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ প্ৰফেচাৰ কলনীত সংঘটিত হোৱা অগ্নিকাণ্ডত তিনিখনকৈ বিপণী ভস্মীভূত হয় ৷ স্থানীয় ব্যৱসায়ী ৰঞ্জিত শীলৰ দুখনকৈ ফাৰ্ণিচাৰৰ বিপণী আৰু সৌৰভ বেনাৰ্জী নামৰ ব্যৱসায়ীজনৰ এখন গেলামালৰ বিপণী সম্পূৰ্ণৰূপে জুইত জাহ যায় ৷
উল্লেখ্য যে, স্থানীয় লোকৰ সহযোগত চাৰিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ জৰিয়তে জুই নিৰ্বাপিত কৰা হয় ৷ অগ্নিকাণ্ডটোত আনুমানিক 20 লক্ষাধিক টকাৰ সম্পত্তি জাহ যায় ৷ সম্প্ৰতি অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও শ্ব’ৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷
লগতে পঢ়ক: প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই বঙাইগাঁৱত জুৱা খেলৰ আয়োজন