ETV Bharat / state

আইনসেৱা প্ৰাধিকৰণৰ সহযোগত ন্যায় লাভ এগৰাকী মাতৃৰ - চাৰি পুত্ৰৰ সৈতে মাতৃ আবিয়া খাতুন

হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ তৎপৰতাত ন্যায় লাভ কৰে এগৰাকী অসহায় মাতৃয়ে ৷ নিজৰ চাৰিগৰাকী পুত্ৰৰ দ্বাৰা অৱহেলিত মাতৃগৰাকীক ন্যায় প্ৰদান কৰে জিলা আইনসেৱা প্ৰাধিকৰণে ৷

আইনসেৱা প্ৰাধিকৰণৰ সহযোগত ন্যায় লাভ এগৰাকী মাতৃৰ

author img

By

Published : Jul 15, 2020, 11:45 PM IST

হোজাই, 15 জুলাই : হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ তৎপৰতাত ন্যায় লাভ কৰে এগৰাকী অসহায় মাতৃয়ে ৷ নীলবাগানৰ সমীপৱৰ্তী সদৰগাঁৱ ৰিজাৰ্ভৰ আবিয়া খাতুন নামৰ ৯০ বছৰীয়া বৃদ্ধাগৰাকী নিজৰ চাৰি পুত্ৰৰ দ্বাৰা লাঞ্ছনা-বঞ্চনাৰ সন্মুখীন হৈ আহিছিল ৷ গুৰুতৰভাৱে অসুস্থ মাতৃগৰাকীৰ কোনো খবৰ লোৱা নাছিল নিজ সন্তানে ৷ ভৰণ-পোষণৰ লগতে চিকিৎসাৰ অভাৱত এক দুৰ্বিসহ জীৱন যাপন কৰিছিল বৃদ্ধা মাতৃগৰাকীয়ে ৷

এই কথা জানিব পাৰি হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ নিৰ্দেশত S.O.P (STANDARD OPERATION PROCESS) দলৰ পেনেল অধিবক্তা ৰোহিনা ৱাৰিছে উদ্যোগ গ্ৰহণ কৰি অসুস্থ বৃদ্ধাগৰাকীক উদ্ধাৰ কৰে আৰু পাষাণ চাৰি পুত্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ ব্যৱস্থা হাতত লয় ৷

চাৰি পুত্ৰৰ সৈতে মাতৃ আবিয়া খাতুন
চাৰি পুত্ৰৰ সৈতে মাতৃ আবিয়া খাতুন

হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ কঠোৰ পদক্ষেপৰ বিষয়ে জানিব পাৰি চাৰি পুুত্ৰ ৰোহিনা ৱাৰিছৰ বাসভৱনত উপস্থিত হৈ মাতৃগৰাকীক চমজি লয় আৰু ভৱিষ্যতে মাতৃক নিৰ্যাতন নচলায় বুলি লিখিতভাবে শপতনামা প্ৰদান কৰে ৷ লগতে চাৰিও পুত্ৰই প্ৰতিমাহে মাতৃৰ ভৰণ-পোষণৰ বাবে নগদ ধন দিয়াৰ লগতে মাতৃক প্ৰতিমাহে ৫ কেজিকৈ চাউল দিব বুলি লিখিত স্বীকাৰোক্তি দিয়ে ৷ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে সচেতন মহলে ৷

লগতে পঢ়কঃ ৰাজ্যত বানত মৃতকৰ সংখ্যা 66 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.