হোজাই, ১৪ অক্টোবৰ: হোজাইত এগৰাকী অসহায় মহিলাক উদ্ধাৰ কৰি মহানুভৱতাৰ পৰিচয় দিছে লংকা আৰক্ষীয়ে। বিশেষভাৱে সক্ষম মহিলাগৰাকীৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। মঙলবাৰে আবেলিৰ পৰা লংকাৰ ২নং ৰে'ল গেটৰ সমীপৰ এখন ব্যৱসায় প্ৰতিষ্ঠানৰ সন্মুখত বহি আছিল মহিলাগৰাকী।
পিছত স্থানীয় সচেতন ৰাইজে সাংবাদিকক খবৰ দিয়ে। স্থানীয় সাংবাদিকে আৰক্ষীক খবৰ দিয়াত লংকা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই নিজে ঘটনাস্থলীত উপস্থিত হৈ বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি লংকা আৰক্ষী থানা লৈ যায়।
লগতে পঢ়ক: আলফা (স্বা)ৰ তিনি কেডাৰৰ আত্মসমৰ্পণ