হোজাই,16 জুলাইঃ ৰাজ্যত কৰ'ণা ভাইৰাছে মহামৰী ৰূপ ধাৰণ কৰাৰ সময়তে হোজাই জিলাৰ যোগীজানত চলি আছে বৃহৎ মাছৰ বজাৰ ৷ যোগীজানস্থিত ক'ভিড হাস্পতালৰ কাষতে বহিছে বৃহৎ মাছৰ বজাৰখন ৷ যোগীজান আৰক্ষী পহৰা চকীৰ পৰা মাত্ৰ ১৫০ মিটাৰ নিলগত থকা এই মাছৰ বজাৰখনক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল ৷
বজাৰখনলৈ অহা গ্ৰাহকসকলৰ মুখত নাই মাক্স,নাই কোনো সামাজিক দুৰত্ব ৷ লক ডাউনৰ নীতি নিয়ম ভংগ কৰি প্ৰশাসনৰ চকুৰ সন্মুখতে চলি আছে মাছৰ বজাৰখন ৷ যাৰ বাবে কৰ'ণাৰ গণ সংক্ৰমণৰ আশংকা কৰিছে সচেতন মহলে ৷
![hojai-fish-market-near-covid-hospital-not-obey-covid-rule-ragulations](https://etvbharatimages.akamaized.net/etvbharat/prod-images/hojaifishmarketnearcovidhospital_16072020124010_1607f_1594883410_725.png)
যি সময়ত অসম চৰকাৰৰ সমান্তৰালকৈ হোজাই জিলা প্ৰশাসনেও কৰ'ণা ৰোধ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ সেই সময়তে যোগীজানৰ এই মাছৰ বজাৰখনে অঞ্চলটিলৈ ভয়াৱহতা কঢ়িয়াই আনিব পাৰে বুলি শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷
লগতে পঢ়কঃ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সাংবাদিককঃ ধুবুৰীত প্ৰতিক্ৰিয়া