ETV Bharat / state

হোজাইত আজৱ ঘটনাঃ গ্ৰাহকৰ অজ্ঞাতে একাউন্টত সোমাল ধন - অসম গ্ৰামীণ বিকাশ বেংক

হোজাইৰ ডবকাত একাংশ লোকৰ একাউন্টত অজ্ঞাত স্থানৰ পৰা হাজাৰ হাজাৰ টকা সোমাল আৰু ওলাল । বেংকৰ ক্ষুদ্ৰ শাখাৰ পৰিচালকে কৌশলেৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ তৰিছে একাউন্টৰ গৰাকীয়ে

টকা সোমাল আৰু ওলাল
author img

By

Published : Apr 8, 2019, 3:14 PM IST

হোজাই,৮ এপ্ৰিলঃ নিৰ্বাচনী আচৰণ বিধি চলি থকাৰ মাজতে হঠাতে হোজাইৰ ডবকাত একাংশ লোকৰ বেংক একাউন্টত সোমাল হাজাৰ হাজাৰ টকা ৷ একাউন্টৰ গৰাকীয়ে টকাখিনি উলিওৱাৰ পূৰ্বেই বেংকৰ পৰিচালকে হৰলুকি কৰে অজ্ঞাত স্থানৰ পৰা সোমাৱা টকাখিনি । ইয়াৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই দেওবাৰে অসম গ্ৰামীণ বিকাশ বেংকৰ ক্ষুদ্ৰ শাখাৰ পৰিচালক চেলিম মুৰতাজা আহমেদৰ ঘৰ ঘেৰাও কৰে উত্তেজিত ৰাইজে। আনফালে ঘৰৰ পৰা পলায়ন কৰে পৰিচালকজনে । পাছত ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

টকা সোমাল আৰু ওলাল

অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ অধিক লোকৰ এনে একাউন্টত যোৱা মাৰ্চ মাহৰ অন্তিম সপ্তাহত ১০,২০০ টকাকৈ সোমায় ৷ তাৰ পাছতে ডবকাত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত ক্ষুদ্ৰ শাখাৰ পৰিচালক চেলিম মুৰতাজা আহমেদে কৌশলগত ভাৱে সকলো গ্ৰাহকৰ বেংক একাউন্ট সমূহ হস্তগত কৰে ৷ ইয়াৰোপৰি একাংশ লোকৰ হাতৰ আঙুলিৰ চাপ লৈ ধন আত্মসাত কৰাৰ অভিযোগো উত্থাপিত হৈছে পৰিচালকজনৰ বিৰুদ্ধে ৷ ইফালে একাংশ লোকে এই ধন এনেৰেগাৰ আঁচনিৰ অধীনৰ জবকাৰ্ডধাৰী শ্ৰমিকৰ বুলি দাবী কৰিছে যদিও ডবকা গাওঁ পঞ্চায়তৰ সভাপতি, কাউন্সিলৰে এই কথা অস্বীকাৰ কৰিছে ৷ একাউন্টৰ গৰাকীৰ উপৰিও চেলিমৰ বিৰুদ্ধে গোচৰ তৰিছে কৃষক মুক্তিৰ ডবকা আঞ্চলিক সমিতিয়ে । নিৰ্বাচনৰ প্ৰাক-মূহুৰ্তত ক'ৰ পৰা এনেদৰে ধন আহি সোমাল সেয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে ধৰা পৰিব ।

SLUG: HOJAI DABAKA_BANK ACCOUNT MONEY LOOT.

Date: 8/4/2019

Vis : email

STORY: হোজাইৰ ডবকাত বহু লোকৰ বেংক একাউন্টত সোমাল অজ্ঞাত স্থানৰ পৰা ধন ৷ কৌশলেৰে বেংকৰ ক্ষুদ্ৰ শাখাৰ পৰিচালকে লুটিলে গ্ৰাহকৰ  ধন ৷ 

ANCHOR : নিৰ্বাচনৰ আচৰন বিধি চলি থকাৰ মাজতে হঠাতে একাংশ লোকৰ বেংক একাউন্টত সোমাল হাজাৰ হাজাৰ টকা ৷ সোমোৱা টকা আকৌ কৌশলগত ভাবে হৰলুকি কৰিলে ক্ষুদ্ৰ বেংক শাখাৰ পৰিচালকে ৷ কত সংগঠিত হৈছে এই ঘটনা, চাওঁ আহক আমাৰ এক প্ৰতিবেদন ৷

V.O. হয় নিৰ্বাচনী আচৰন বিধি চলি থকাৰ মাজতে হঠাতে ডবকাৰ একাংশ লোকৰ বেংক একাউন্টত সোমাল হাজাৰ হাজাৰ টকা ৷ ডবকাৰ নিজ ডবকা আৰু ডবকা পথাৰ গাৱৰ বহু লোকৰ বেংক একাউন্ট এনে অজ্ঞাত স্থানৰ ধন সোমোৱাক লৈ তীব্ৰ চাঞ্চ্যল্যৰ সৃষ্টি হৈছে ৷ নিজ ডবকা গাৱত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ দিশকো অধিক লোকৰ এনে একাউন্টত যোৱা মাৰ্চ মাহৰ অন্তিম সপ্তাহত ১০,২০০ টকাকৈ সোমায় ৷ এই কথা পোহৰলৈ আহিছে একাংশ গ্ৰাহকৰ বেংক একাউন্টত টকা সোমোৱাৰ পাছত মোবাইলত মেছেজ লাভ কৰাৰ পাছত ৷ 

আনহাতে টকা সোমোৱাৰ পাছত নিজ ডবকাত থকা অসম গ্ৰামীন বিকাশ বেংকৰ শাখাত ক্ষুদ্ৰ শাখাৰ পৰিচালক চেলিম মুৰতাজা আহমেদে কৌশলগত ভাবে সকলো গ্ৰাহকৰ বেংক একাউন্ট সমূহ হস্তগত কৰে ৷ পাছত একাংশ লোকৰ হাতৰ আঙুলিৰ চাপ লৈ পাছকৈ টকাকৈ দি বাকী সমুদায় ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

ইফালে ঘটনাটো পোহৰলৈ অহাৰ পাছত গাওঁকেইখনৰ প্ৰায় প্ৰায় দুই শতাধিক লোকে কালি চেলিম মোৰতাজা আহমেদৰ ঘৰ ঘেৰাওঁ কৰি নিজৰ প্ৰাপ্য ধন আৰু বেংক পাছবুক বিচাৰি ঘেৰাওঁ কৰে ৷ পৰিস্থিতি বিষম দেখি ক্ষুদ্ৰ শাখাৰ পৰিচালক চেলিম মোৰতাজা আহমেদ ঘৰৰ পৰা পলায়ন কৰে ৷ পাছত ঘটনাস্থলিত ডবকা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়নন্ত্ৰন কৰে ৷

একাংশ লোকে এই ধন এনেৰেগাৰ আচনিকৰ অধীনৰ জবকাৰ্ড ধাৰী শ্ৰমিকৰ বুলি দাবী কৰিছে যদিও ডবকা গাওঁপঞ্চায়তৰ সভাপতি, কাউন্সিলৰে অস্বীকাৰ কৰিছে ৷ তেওঁলোকৰ লগতে কৃষক মুক্তিৰ ডবকা আঞ্চলিক সমিতিয়ে চেলিমৰ বিৰুদ্ধে গোচৰ তৰিছে ৷ নিৰ্বাচনৰ প্ৰাক-মূহুৰ্তত কৰ পৰা এনে ধন ধন আহি সোমাল সেইয়া আৰক্ষীৰ তদন্তহে উলায় পৰিব ৷

Byte:1,2,3: স্থানীয় লোক ৷
Byte:4: আৰক্ষী, বিষয়া ৷

হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.