হোজাই, 26 নৱেম্বৰ: হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে হোজাইত অনুষ্টুপীয়াকৈ পালন কৰিলে সংবিধান দিৱস ৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্যৰ বাবে বৃহস্পতিবাৰে অনুষ্ঠিত হ‘বলগীয়া ৰাষ্ট্ৰীয় সংবিধান দিৱস স্থগিত ৰাখিলে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণে।

হোজাইৰ জিলা সদৰ শংকৰদেৱ নগৰত হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ আৰু হোজাই উকিল সন্থাৰ যৌথ উদ্যোগত বৃহস্পতিবাৰে আয়োজন কৰা হৈছিল এই ৰাষ্ট্ৰীয় সংবিধান দিৱসৰ কাৰ্যসূচী। কিন্তু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্যৰ বাবে আজি ৰাজ্যজুৰি অৰ্ধছুটিৰ ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে। সেই বাবেই হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ আৰু হোজাই জিলা উকিল সন্থাই ৰাষ্ট্ৰীয় সংবিধান দিৱস অনুষ্টুপীয়াকৈ উকীল সন্থাৰ কাৰ্যালয়ত পালন কৰে।

এই অনুষ্ঠানত হোজাই জিলা অতিৰিক্ত আৰু সত্ৰ ন্যায়াধীশ এন এচ দেউৰী, হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাং, উকীল সন্থাৰ সভানেত্ৰী ৰোহিনা ৱাৰিছ, সম্পাদক অমৰজ্যোতি শইকীয়াৰ লগতে হোজাই উকীল সন্থাৰ কাৰ্যকৰ্তা আৰু ন্যায়িক দণ্ডাধীশসকল উপস্থিত থাকি সংবিধান ৰক্ষাৰ শপত বাক্য পাঠ কৰে ৷
লগতে পঢ়ক: ভাৰতীয় ৰেলৱে'ৰ পৰা আটক 14 ৰোহিংগীয়া