হোজাই ,5 মাৰ্চঃ হোজাইৰ পূৱ ধনীৰাম পথাৰ গাঁও পঞ্চায়তত কংগ্ৰেছৰ বেনাৰ ফলাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । পঞ্চায়ত খনত থকা কংগ্ৰেছৰ অসম বচাও বেনাৰ অচিনাক্ত দুৰ্বৃত্তই ফালি পেলোৱাত কংগ্ৰেছ সমৰ্থকৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । পঞ্চায়ত খনত থকা কংগ্ৰেছৰ চাৰিখন বৃহৎ আকাৰৰ বেনাৰৰ ভিতৰত দুখন বেনাৰ দুৰ্বৃত্তই ফালি চিঙি উভালি পেলোৱাৰ ঘটনাত কংগ্ৰেছ বিৰোধী দল জড়িত থকা বুলি অভিযোগ কৰিছে কংগ্ৰেছেৰ কৰ্মীসকলে ।
ইপিনে উক্ত ঘটনা সংক্ৰান্তত গোচৰ তৰিব বুলিও কংগ্রেছৰ মণ্ডল সভাপতি গৰাকীয়ে জানিবলৈ দিছে ।
লগতে পঢ়কঃনিৰ্বাচনী আচৰণ বিধিৰ মাজতে চাপৰত 2.78 লাখ নগদ ধন জব্দ