ETV Bharat / state

Book Donation in Hojai: নিজৰ অপূৰণীয় আশা ছাত্ৰ-ছাত্ৰীয়ে পূৰণ কৰাৰ কামনাৰে দান কৰিলে 3 হাজাৰ গ্ৰন্থ

author img

By

Published : Jan 4, 2023, 8:15 PM IST

নিজৰ অপূৰণীয় আশা যাতে ছাত্ৰ-ছাত্ৰীসকলে পূৰণ কৰিব পাৰে সেই হেপাহেৰে হোজাইৰ এগৰাকী প্ৰাক্তন অধ্যাপিকাই দান কৰিলে প্ৰায় 3 হাজাৰ গ্ৰন্থ ৷ কৰ্মজীৱনত প্ৰাক্তন অধ্যাপিকাগৰাকীয়ে সংগ্ৰহ কৰা সমূহ গ্ৰন্থ এনেদৰে দান কৰি পৰিচয় দিলে মহানুভৱতাৰ (Book Donation at Hojai)৷

Book Donation in Hojai
অৱসৰপ্ৰাপ্ত অধ্যাপক-অধ্যাপিকাই আগবঢ়ালে হাজাৰ-হাজাৰ গ্ৰন্থ

হোজাই, 4 জানুৱাৰী: হোজাইৰ এগৰাকী অৱসৰপ্ৰান্ত অধ্যাপিকাই দাঙি ধৰিলে মহানুভৱতাৰ পৰিচয় ৷ জীৱনকালত সংগ্ৰহ কৰা তিনি হাজাৰখন গ্ৰন্থ দান দিলে নিজেই অধ্যাপনা কৰি অহা প্ৰতিষ্ঠানখনলৈ ৷ গৱেষণাজনিত কাৰণত সংগ্ৰহ কৰা গ্ৰন্থসমূহে ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব বুলি আশা প্ৰকাশ মহানুভৱতাৰ পৰিচয় দাঙি ধৰা প্ৰাক্তন অধ্যাপিকাগৰাকীৰ (Retired professor donates book in Hojai) ৷

হোজাই মহাবিদ্যালয়(Hojai College) তথা বৰ্তমানৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়(Rabindranath Tagore University Hojai)ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা বিচিত্ৰা গগৈয়ে নিজৰ জীৱনকালত সংগ্ৰহ কৰা প্ৰায় তিনি হাজাৰখন মূল্যবান গ্ৰন্থ বুধবাৰে আনুষ্ঠানিকভাৱে দান কৰিলে হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগক ৷ উল্লেখ্য যে, অৱসৰপ্ৰাপ্ত অধ্যাপিকা বিচিত্ৰা গগৈয়ে ১৯৭৫ চনৰ পৰা ২০১০ চনলৈকে হোজাই মহাবিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপিকা হিচাবে নিজৰ কৰ্মত নিয়োজিত থকাৰ লগতে পিছলৈ মহাবিদ্যালয়খনৰ অধ্যক্ষ পদো অলংকৃত কৰিছিল ।

অধ্যাপিকাগৰাকীয়ে নিজৰ সমগ্ৰ জীৱনকালত সংগ্ৰহ কৰি নিজ ঘৰত সজাই থোৱা প্ৰায় তিনিহাজাৰখনতকৈও অধিক গ্ৰন্থ বুধবাৰে দান কৰে হোজাইস্থিত ৰবীন্দ্ৰনাথ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগক ৷ উক্ত তিনিহাজাৰখন গ্ৰন্থৰ ভিতৰত অসমীয়া বিশ্বকোষৰ কেইবাটাও খণ্ডকে ধৰি, মূল্যবান গ্ৰন্থ, গল্পপুথি, কবিতাপুথি, উপন্যাস, আলোচনী আদি দান কৰে ৷ বুধবাৰে হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় কক্ষত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এনেদৰে বিচিত্ৰা গগৈ আৰু তেওঁৰ স্বামী হোজাই গান্ধী বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত শিক্ষক যোগেন গগৈয়ে আনুষ্ঠানিকভাৱে উক্ত গ্ৰন্থসমূহ দান কৰে (Book donates to Rabindranath Tagore University)৷

বিচিত্ৰা গগৈৰ(Retired professor Bichitra Gogoi Hojai) উপৰিও হোজাই কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মাঘীৰাম শইকীয়াইও(Retired professor Maghiram Saikia) বিশ্ববিদ্যালয়খনলৈ ৬২ খন মূল্যবান গ্ৰন্থ প্ৰদান কৰে ৷ উক্ত দুই অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু অধ্যাপিকাক বুধবাৰে হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । লগতে উক্ত অনুষ্ঠানত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকাকে প্ৰমুখ্য কৰি বিভাগটোৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷

উল্লেখ্য যে, মহানুভৱতাৰ পৰিচয় দাঙি ধৰা প্ৰাক্তন অধ্যাপিকা বিচিত্ৰা গগৈয়ে গৱেষণাজনিত কাৰণত বহুসংখ্যক গ্ৰন্থ সংগ্ৰহ কৰিছিল ৷ কিন্তু ব্যক্তিগত অসুবিধাৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল ৷ প্ৰাক্তন অধ্যাপিকাগৰাকীৰ অপূৰণীয় আশা যাতে ছাত্ৰ-ছাত্ৰীসকলে পূৰণ কৰিব পাৰে তাৰ আশাৰেই বিচিত্ৰা গগৈয়ে সংগ্ৰহ কৰা গ্ৰন্থসমূহ বিশ্ববিদ্যালয়খনলৈ আগবঢ়োৱা বুলি জানিবলৈ দিয়ে ৷

আনহাতে উক্ত গ্ৰন্থসমূহ সজতনে ৰাখিবৰ বাবে প্ৰয়োজনীয় আলমিৰাও গ্ৰন্থদাতা বিচিত্ৰা গগৈ আৰু তেওঁৰ স্বামীয়েই দান হিচাব আগবঢ়ায় ৷ প্ৰাক্তন অধ্যাপিকাগৰাকীৰ এই মহানুভৱতাৰ শলাগ লৈ ৰবীন্দ্ৰনাথ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই কয় যে, এই কাৰ্য বিশ্ববিদ্যালয়খনৰ বাবে ইতিহাস হৈ ৰ’ল ৷ এয়া এক বিৰল কাৰ্য (Library donation in Hojai)৷

লগতে পঢ়ক: Novel Jakaranda Inaugurated : গল্পকাৰ বিপাশা বৰাৰ প্ৰথম উপন্যাস জাকাৰান্দা উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.