ETV Bharat / state

ক'ভিড নিগেটিভ হোৱাৰ পিছত পুনৰ অসুস্থ হোৱা ৰোগীক চিকিৎসা কৰিব HAMM হাস্পতালে

ক'ভিড-১৯ মহামাৰীৰ কবলৰ পৰা মুক্ত হোৱাৰ পিছতো বহু ৰোগীয়ে স্বাস্থ্যজনিত সমস্যাত ভোগে । কিন্তু উপযুক্ত চিকিৎসা লাভ কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হয় আৰু বিভিন্ন সমস্যাৰ সন্মুখীন হয় । সেয়ে, এনে ৰোগীক চিকিৎসা প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে এইছ এ এম এম হাস্পতাল(Haji Abdul Majid Memorial Hospital and research centre) কৰ্তৃপক্ষই ।

HAMM Hospital will treat covid negative patient
ক'ভিড নিগেটিভ হোৱাৰ পিছত পুনৰ অসুস্থ হোৱা ৰোগীক চিকিৎসা কৰিব HAMM হাস্পতালে
author img

By

Published : Jun 1, 2021, 12:21 PM IST

হোজাই, ১ জুন: বহু লোকেই ক'ভিড-১৯ত আক্ৰান্ত হৈ আৰোগ্য হোৱাৰ পিছত প্ৰয়োজনীয় সাৱধনতা অৱলম্বন নকৰে । ৰোগৰ লক্ষণ দেহৰ পৰা সম্পূৰ্ণ নোহোৱা হ'বলৈ কিছু সময় লাগে বাবে চিকিৎসকে হোম কোৱাৰেণ্টাইনত থকাৰ পৰামৰ্শ দিয়ে ।

কিন্তু বহুতেই চিকিৎসকৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব নিদিয়ে । একাংশ ৰোগীয়ে কাঁহ, জ্বৰ আদি ৰোগতো ভোগে । হোজাইৰ এইছ এ এম এম হাস্পতাল(Haji Abdul Majid Memorial Hospital and research centre) কৰ্তৃপক্ষই এনে ৰোগীক চিকিৎসা প্ৰদানৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।

এতিয়াৰে পৰা এনে ৰোগীক এইছ এ এম এম হাস্পতালত চিকিৎসা প্ৰদান কৰা হ'ব ৷ এনে ৰোগীৰ চিকিৎসাৰ বাবে হাস্পতালখনত এটা নতুন ৱাৰ্ড নিৰ্মাণ কৰা হৈছে ৷ ৰোগীসকলক আছুতীয়াকৈ ৰাখি চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

আই চি ইউ(ICU)ৰ প্ৰয়োজন হ'লেও হাস্পতালখনত সকলো ব্যৱস্থা উপলব্ধ আছে বুলি জানিবলৈ দিছে হাস্পতালখনৰ মুখ্য চিকিৎসা পৰিচালক ডা° ছাইদুল ইছলামে ।

লগতে পঢ়ক:চিৰাঙত অক্সিজেন উৎপাদন প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.