ETV Bharat / state

হোজাইৰ ডবকাত নাবালিকা অপহৰণ - ডবকা থানা

19 চেপ্তেম্বৰৰ সন্ধিয়া নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকীক অপহৰণ কৰে বুলি ডবকা থানাত গোচৰ দিয়ে নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে ৷ ইয়াৰ পিচত আৰক্ষীয়ে গাঁওৰক্ষীবাহিনীৰ সহযোগত 6 দিনৰ অন্তত উদ্ধাৰ কৰে নাবালিকা গৰাকীক ৷

হোজাইৰ ডবকাত নাবালিকা অপহৰণ
author img

By

Published : Sep 25, 2019, 1:07 PM IST

হোজাই, 25 ছেপ্টেম্বৰঃ হোজাই ডৱকাৰ চাংমাজিৰ নাবালিকা অপহৰণ ৷ অপহৰণ কৰি নি জোৰকৈ বিয়া কৰোৱাৰ চেষ্টা অভিযুক্ত আবুবক্কৰ ছিদ্দিকৰ পুত্ৰ মিছবাক উদ্দিনৰ বিৰুদ্ধে ৷ নাবালিকাৰ পৰিয়ালৰ গোচৰৰ ভিত্তিতে আৰক্ষী আৰু গাঁও ৰক্ষীবাহিনীৰ সহযোগত 6 দিনৰ অন্তত উদ্ধাৰ কৰে নাবালিকা গৰাকীক ৷ উল্লেখ্য যে,বিগত 19 চেপ্তেম্বৰৰ সন্ধিয়াই নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকীক অপহৰণ কৰে বুলি ডবকা থানাত গোচৰ দিয়ে নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে | ছাত্ৰী গৰাকীক অপহৰণ কৰি শাৰীৰিক নিৰ্যাতন চলোৱা বুলি অভিযোগ মিছবাক উদ্দিনৰ বিৰুদ্ধে ৷ অপহৰণ কৰি নিয়াৰ পাছৰ পৰাই অভিযুক্তই নাবালিকা গৰাকীৰ পৰিয়ালক বিভিন্ন ধৰণৰ হুংকাৰ প্ৰদান কৰা বুলিও মত ব্যক্ত কৰে ৷

হোজাইৰ ডবকাত নাবালিকা অপহৰণ

আনহাতে, মূল অভিযুক্ত মিচবাক উদ্দিনৰ পিতৃ আবুবক্কৰ ছিদ্দিকে নাবালিকা গৰাকীক গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ ঘৰত থৈ পলায়ন কৰে ৷ অপহৰণকাৰী মিছবাক উদ্দিনসহ আটাইকেইটা অভিযুক্ত সম্প্ৰতি পলাতক | ঘটনা সন্দৰ্ভত ডবকা আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান | আনহাতে কিশোৰী গৰাকীক চাইল্ড লাইনক চমজাই দিয়ে ডবকা আৰক্ষীয়ে |

Intro:হোজাই ডবকাৰ নাবালিকা ছাত্ৰীক অপহৰণ কৰি নি জোৰজুলুমকৈ বিয়া কৰোৱাৰ চেষ্টা |Body:হোজাইৰ ডবকা চাংমাজিৰ পৰা নৱম শ্ৰেনীৰ নাবালিকা ছাত্ৰীক অপহৰণ কৰি নি জোৰজুলুমকৈ বিয়া কৰোৱাৰ চেষ্টা |

ডৱকাৰ চাংমাজিৰ পৰা 19 চেপ্টেম্বৰৰ সন্ধিয়া এগৰাকী নাবালিকাক আবুবক্ক ছিদ্দিকৰ পুত্ৰ মিছবাক উদ্দিনে কৰে অপহৰণ | অপহৰণ কৰি নি বিভিন্ন স্থানত কিশোৰী গৰাকীক ৰাখি নিৰ্যাতনৰ অভিযোগ | অপহৰণ কৰি নিয়াৰ পিছৰ পৰাই অভিযুক্তই বিভিন্ন ধৰনৰ হুংকাৰ প্ৰদান কৰিছিল কিশোৰী গৰাকীৰ পৰিয়ালক | কিশোৰী গৰাকীৰ পৰিয়ালে ডবকা থানাত গোচৰ দিয়াত আৰক্ষীয়ে গাও ৰক্ষীবাহিনীৰ সহযোগত 6 দিনৰ অন্তত উদ্ধাৰ কৰে | মুল অভিযুক্ত মিচবাক উদ্দিনৰ পিতৃ আবু বক্কৰ ছিদ্দিকে গাও ৰক্ষীবাহিনীৰ সম্পাদকৰ ঘৰত কিশোৰী গৰাকীক থৈ পলায়ন কৰে | অপহৰণকাৰী মিছবাক উদ্দিনসহ আটাইকেইটা অভিযুক্ত সম্প্ৰতি পলাতক | ঘটনা সন্দৰ্ভত ডবকা আৰক্ষীৰ অভিযান অব্যাহত | পিছত কিশোৰী গৰাকীক চাইল্ড লাইনক চমজাই দিয়া হয় |

ফটো : মূল অভিযুক্ত মিছবাক উদ্দিন
BYTE: ভোক্তভোগী পৰিয়ালৰ লোকConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.