ETV Bharat / state

পশ্চিম কাৰ্বি আংলঙত বনৰীয়া হাতীৰ উপদ্ৰৱ

author img

By

Published : May 26, 2020, 1:24 PM IST

কোভিড-19 অৰ্থাৎ কৰ'ণা আতংকৰ মাজতেই এতিয়া পশ্চিম কাৰ্বি আংলঙত বনৰীয়া হাতীৰ উপদ্ৰৱ ।

পশ্চিম কাৰ্বি আংলঙত বনৰীয়া হাতীৰ উপদ্ৰৱ
পশ্চিম কাৰ্বি আংলঙত বনৰীয়া হাতীৰ উপদ্ৰৱ

হোজাই, ২৬ মে': ৰাজ্যত চলি থকা মহামাৰী কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতেই এতিয়া বনৰীয়া হাতীৰ উপদ্ৰৱ পশ্চিম কাৰ্বি আংলং জিলাত । খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তর্গত মাটিখোলা গাঁৱত তথা খেৰণি ডনবস্ক' স্কুলৰ সমীপত বনৰীয়া হাতীৰ তাণ্ডৱলীলা । ফলত আতংকময় পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত ।

স্নেপ শ্ব'ট-১

স্নেপ শ্ব'ট-২

জানিব পৰা মতে, সোমবাৰে নিশা অকলশৰীয়াকৈ অহা এটা বনৰীয়া হাতীয়ে উক্ত গাঁৱখনৰ তিনিটাকৈ পৰিয়ালৰ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে ৰান্ধনীঘৰৰ খাদ্য সামগ্ৰী, ভঁৰালৰ ধান আদি খোৱাৰ উপৰিও বাৰীৰ তামোল-নাৰিকল গছ আদিও ভাঙি বিনষ্ট কৰে ।

স্নেপ শ্ব'ট-৩

অৱশ্য়ে সৌভাগ্যক্ৰমে গাঁৱবাসীয়ে পিচত হাতীটোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয় । গুৰুত্বপূৰ্ণ যে, ইতিমধ্যে খেৰণিৰ জিৰিবাছা গাওঁৰ অজয় শিৱা আৰু ভীম ভদ্ৰ সিংহা নামৰ যুৱকদ্বয়ৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতিৰ খবৰ বিয়পি পৰাত অঞ্চলবাসী ভীতিগ্ৰস্ত হৈ পৰাৰ সময়তে বনৰীয়া হাতীৰ উপদ্ৰৱে শলঠেকত পেলাইছে ইয়াৰ স্থানীয় ৰাইজক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.