হোজাই, 22 মে' : কাইলৈ ঘোষিত হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল ৷ নিৰ্ণয় হ'ব ৰথী-মহাৰথীৰ ভাগ্য ৷ কি প্ৰাৰ্থী, কি দল , কি দেশবাসী নিৰ্বাচনক লৈ উৎকন্ঠিত সকলো ৷ ভিন্ন প্ৰতিষ্ঠানৰ প্ৰাক্ নিৰ্বাচনী সমীক্ষাই বিজেপিয়ে সংখ্যাগৰিষ্ঠ আসনেৰে চৰকাৰ গঠনৰ ইংগিত দিয়াৰ পাচতে হোজাইৰ জিলা বিজেপিৰ কৰ্মীৰ মাজতো বৃদ্ধি পাইছে উৎসুকতা ৷
ইতিমধ্যে বিজয় উৎসৱ পাতিবলৈ সাজু হৈছে জিলা বিজেপিৰ কৰ্মী । অৰ্ডাৰ দিয়া হৈছে মিঠাই-ঢাক-ঢোলৰ । নগাঁও সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই হোজাই জিলাৰ পৰা ৮০ হাজাৰ ভোটৰ অগ্ৰগতি লৈ ১ লাখতকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দাবী জিলা পৰ্যায়ৰ নেতা দেবাশীষ দত্তৰ ।