ETV Bharat / state

Covid in Hojai: হোজাইত ক’ভিডত আক্ৰন্তৰ সংখ্যা বৃদ্ধি - Covid infection increases in Hojai

ৰাজ্য়ৰ আন জিলাৰ লগতে হোজাইতো বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডত আক্ৰান্তৰ সংখ্যা (Covid infection increases in Hojai)। হোজাইৰ বিভিন্ন অঞ্চলত ক'ভিডৰ প্ৰাদুৰ্ভাৱ হোৱাত জিলা স্বাস্থ্য বিভাগে প্ৰতিৰোধৰ বাবে যাবতীয় ব্য়ৱস্থা সম্পূৰ্ণ কৰি তুলিছে।

u
t
author img

By

Published : Jul 16, 2022, 5:28 PM IST

হোজাই,১৬ জুলাই: ৰাজ্য়ৰ আন জিলাৰ লগতে হোজাইতো বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডত আক্ৰান্তৰ সংখ্যা (Covid infection increases in Hojai)। হোজাইৰ বিভিন্ন অঞ্চলত ক'ভিডৰ প্ৰাদুৰ্ভাৱ হোৱাত জিলা স্বাস্থ্য বিভাগে প্ৰতিৰোধৰ বাবে যাবতীয় ব্য়ৱস্থা সম্পূৰ্ণ কৰি তুলিছে । এই সম্পৰ্কে হোজাই স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰঞ্জু ৰাজখোৱাই কয় যে যোৱা ১০ জুনৰ পৰা ক'ভিড পৰীক্ষা আৰম্ভ কৰা হৈছে (Joint Director of Hojai Health Department Dr Rajkhowa)। যোৱা শুকুৰবাৰলৈ এই পৰাক্ষাত ৮১ গৰাকী ক'ভিডত আক্ৰান্ত হোৱা বুলি ধৰা পৰে ।

হোজাইত ক’ভিডত আক্ৰন্তৰ সংখ্যা বৃদ্ধি

ইপিনে, বৰ্তমানলৈকে ৫০ গৰাকীৰো অধিক লোক সক্ৰিয় হৈ থকাত তেওঁলোকক হাম হাস্পতালত আছুতীয়াকৈ ৰখা হৈছে । তদুপৰি বৰ্তমানে হোজাই জিলাখনত চাৰিটাকৈ ক'ভিড কেয়াৰ চেণ্টাৰ সম্পূৰ্ণ প্ৰস্তুত কৰি তোলা হৈছে বুলি হোজাই স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকগৰাকীয়ে কয় । এই ক'ভিড কেয়াৰ চেণ্টাৰ সমূহ হৈছে লামডিং, নীলবাগান ,যোগীজান আৰু উদালিত । বৰ্তমানে যিসকল লোকৰ জ্বৰ, কাঁহ, গাৰ বিষ অনুভৱ কৰিছে তেওঁলোকক ক'ভিড পৰীক্ষা কৰা হৈছে । বর্তমান অসম স্বাস্থ্য সঞ্চালকৰ নিৰ্দেশ অনুসৰি প্ৰতিদিনে হোজাই জিলাত ৪০০ গৰাকীক ক'ভিড পৰীক্ষা কৰাৰ বাবে জিলাৰ ১৩ খন স্বাস্থ্য় কেন্দ্ৰত এই ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক:JE vaccine to adults: ছেপ্টেম্বৰৰ পৰা প্ৰাপ্তবয়স্ককো জে ইৰ প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.