হোজাই, ২৯ মে': এফালে ক'ভিড-১৯ৰ ভয়াৱহ সংক্ৰমণ, আনফালে সান্ধ্য আইনৰ বাবে বন্ধ হৈ পৰিছে উপাৰ্জনৰ বাট । সমগ্ৰ দেশৰ লগতে অসমতো কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি, দিনৰ ১১ বজাৰ লগে লগে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ কোৱা হৈছে আৰু লগতে দিনৰ ১২ বজাৰ পৰা ৰাজ্যজুৰি সান্ধ্য আইন জাৰি কৰা হৈছে ।
চৰকাৰৰ এই কঠোৰ স্থিতিৰ বাবে ৰাজ্যজুৰি কৰ'ণাৰ সংক্ৰমণৰ হ্ৰাস পাইছে, ঠিকেই কিন্তু একাংশ লোকে তীব্ৰ আৰ্থিক সংকটত ভূগিছে । এসাঁজ আহাৰ যোগাৰ কৰিবলৈও অপাৰগ হৈ পৰিছে একাংশ লোক । ইয়াৰ ব্যতিক্ৰম নহয় মিনা বজাৰৰ কৰ্মচাৰীসকল ।
বিগত ২ মাহ পূৰ্বে বহিঃৰাজ্যৰ পৰা ব্যৱসায়ৰ কৰাৰ উদ্দেশ্যেৰে অসমলৈ আহিছিল মিনা বজাৰৰ কেইগৰাকীমান কৰ্মচাৰী । হোজাইৰ লংকা হাইস্কুলৰ খেলপথাৰত মিনাবজাৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল ।
কিন্তু সেই সময়ত ৰাজ্যত ক'ৰণাৰ সংক্ৰমণ আৰম্ভ হোৱাৰ বাবে স্থানীয় তথা জিলা প্ৰশাসনে সংক্ৰমণ হোৱাৰ আশংকাত মিনা বজাৰ আৰম্ভ কৰিবলৈ অনুমতি দিয়া নাছিল । দিনক দিনে কৰ'ণাৰ সংক্ৰমণৰ হাৰ বৃদ্ধি হোৱাত বিগত বৰ্ষৰ দৰে দেশজুৰি লকডাউন হোৱাৰ আশংকাত মিনা বজাৰৰ স্বত্বাধিকাৰীয়ে সকলো শ্ৰমিকক ঘৰলৈ পঠাই দিয়ে যদিও পাঁচজন কৰ্মচাৰীক মিনাবজাৰৰ বয়-বস্তুৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব দি লংকাতে থৈ যায় ।
বৰ্তমান উক্ত মিনা বজাৰৰ কৰ্মচাৰীকেইজনে আৰ্থিক সংকটত ভূগিছে । খাদ্যৰ যোগাৰ কৰিব নোৱাৰি অসহায় হৈ পৰিছে কৰ্মচাৰীকেইজন । স্বত্বাধিকাৰীয়ে দি থৈ যোৱা ধন আৰু খাদ্য সামগ্ৰীও শেষ হ'ল ।
উপায়হীন হৈ এতিয়া এমুঠি আহাৰৰ বাবে কৰ্মচাৰীকেইজনে স্থানীয় লোকক সহায়ৰ বাবে আহ্বান জনাবলগীয়া হৈছে । অচিনাকী ঠাইত আনৰ সঁহাৰি নাপাই তেওঁলোকে কাষ চাপিছে স্থানীয় সংবাদকৰ্মীৰ । সংবাদ মাধ্যমৰ জৰিয়তে কৰ্মচাৰীকেইজনে স্থানীয় দল-সংগঠন আৰু প্ৰশাসনক সহায়ৰ বাবে আহ্বান জনাইছে ।
লগতে পঢ়ক:শিৱসাগৰৰ হালোৱাটিঙত গাঞ্জা ব্যৱসায়ী আটক