হোজাই,13 নৱেম্বৰ : শুকুৰবাৰে হোজাই জিলাৰ লামডিং সমষ্টিৰ উদালী তিনিআলিত সাংবাদিক পৰাগ ভূঞা হত্য়াকাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰে হোজাই জিলা যুৱ কংগ্ৰেছ আৰু লামডিং যুৱ কংগ্ৰেছে ৷
প্ৰতিবাদত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি কাকপথাৰৰ সাংবাদিক গৰাকীৰ হত্যাৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ কৰিবলৈ আহ্বান জনায় কংগ্ৰেছ কৰ্মীসকলে ৷ ইয়াৰোপৰি তেওঁলোকে সাধাৰণ নাগৰিক আৰু সাংবাদিক সকলৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ দাবী জনায় ৷
লগতে পঢ়ক : বঙাইগাঁৱত বীৰ চিলাৰায়ৰ সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ