ETV Bharat / state

বিয়াৰ দিনাই বন্ধ হ’ল দুখনকৈ বাল্যবিবাহ

বিবাহৰ আয়োজন চলি থকাৰ সময়তে বিয়াঘৰলৈ আহিল পুলিচ, আহিল আইনসেৱা প্ৰাধিকৰীৰ দল আৰু চাইল্ড লাইন ৷ চৌদিশে লাগিল হুৱা-দুৱা ৷ ঘটনা বিষম দেখি আধাবাটৰ পৰাই বৰযাত্ৰীয়ে কৰিলে পলায়ন ৷

child marrige at hojai rescue girl police and childline
বিয়াৰ দিনাই বন্ধ হ’ল দুখনকৈ বাল্যবিবাহ
author img

By

Published : Aug 11, 2020, 10:07 PM IST

হোজাই,11 আগষ্টঃ মঙলবাৰে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ, চাইল্ড লাইন আৰু মোৰাঝাৰ আৰক্ষীয়ে বন্ধ কৰিলে দুখনকৈ বাল্যবিবাহ ৷ উদ্ধাৰ কৰা হ’ল প্ৰেমিকে চলনাৰে লৈ অহা ১৬ বছৰীয়া নাবালিকা ৷ হোজাই জিলাত যিমানেই বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে, সিমানেই যেন বাল্যবিবাহৰ দৰে অপৰাধমূলক ঘটনা তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ বিবাহৰ আয়োজন চলি থকাৰ সময়তে বন্ধ কৰা হ'ল দুখনকৈ বাল্যবিবাহ ৷

বিয়াৰ দিনাই বন্ধ হ’ল দুখনকৈ বাল্যবিবাহ
হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত তাৰাপুৰ গাঁওখনৰ এগৰাকী নাবালিকাৰ মনে মনে আয়োজন কৰা হৈছিল বাল্য বিবাহ ৷ লংকাৰ লস্কৰ পথাৰৰ পৰা আহিছিল বৰযাত্ৰীৰ দল ৷ কিন্তু বৰযাত্ৰী অহাৰ পূৰ্বেই উপস্থিত হ’ল আৰক্ষী, চাইল্ড লাইন আৰু আইনসেৱা প্ৰাধিকৰণৰ দল ৷ কথা বিষম দেখি আধাবাটৰ পৰাই বৰযাত্ৰীয়ে কৰিলে পলায়ণ ৷ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ নিৰ্দেশত পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ, দীপক দেৱনাথ, চাইল্ড লাইনৰ টিলাৰাম ওৰাং, মনজিত দাস আৰু মোৰাঝাৰ থানাৰ আৰক্ষী ধনেশ্বৰ দাসে বন্ধ কৰিলে বাল্য বিবাহখন ৷ আৰক্ষীৰ ৰুদ্ৰমূৰ্তি দেখি কইনাৰ পৰিয়ালৰ লোকে অস্বীকাৰ কৰিলে বাল্য বিবাহৰ কথা ৷ কইনাক আঙুঠি পিন্ধাবলৈহে আহিছিল দৰা ঘৰৰ লোক ৷ পিছে নাবালিকা কইনাক আঙুঠি পিন্ধাবলৈ আহি পৰিয়ালটি ৰোষত পৰিল আইনৰ ৷
child marrige at hojai rescue girl police and childline
বিয়াৰ দিনাই বন্ধ হ’ল দুখনকৈ বাল্যবিবাহ
আনহাতে দ্বিতীয় খন বিবাহ মোৰাঝাৰৰ সাবাজপুৰৰ ৷ গাঁওখনৰ সুকুমাৰ দে নামৰ নাবালক যুৱকজনে বান্দৰমেলাৰ পৰা প্ৰেমসূত্ৰে পলুৱাই আনিছিল এগৰাকী ১৬ বছৰীয়া নাবালিকাক ৷ চাৰিদিনৰ পৰা প্ৰেমিকে নিজ ঘৰতে আৱদ্ধ কৰি ৰাখিছিল নাবালিকা গৰাকীক ৷ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ, চাইল্ড লাইন তথা মোৰাঝাৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰা হয় নাবালিকাগৰাকী ৷ ইফালে নাবালক প্ৰেমিকে ভয়ানক পৰিস্থিতিৰ উমান পায়েই কৰিলে পলায়ন ৷ পিচত চাইল্ড লাইনে নাবালিকা গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰে ৷ ঘটনা সংক্ৰান্তত চাইল্ড লাইনে ৰুজু কৰিছে দুটাকৈ গোচৰ ৷ ইফালে হোজাই জিলাত একেটা দিনতে দুখনকৈ বাল্যবিবাহ অনুষ্ঠিত কৰাৰ ঘটনাই জিলাখনতে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷লগতে পঢ়কঃ জিলা ঘোষণাৰ পাছতেই আনন্দৰ জোঁৱাৰ বজালীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.