ETV Bharat / state

হোজাইত আটক চলচলি মছজিদৰ ইমাম

author img

By

Published : Aug 11, 2021, 5:38 PM IST

হোজাই জিলাৰ কাকীৰ চলচলিত দীৰ্ঘদিন ধৰি ৰে’ল আৰু বিমানৰ টিকট বুকিং আৰু বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ইমাম গৰাকীৰ বিৰুদ্ধে । ব্যক্তিগৰাকী হৈছে চলচলি মছজিদৰ ইমাম কামালুদ্দিন ।

arrested
হোজাইত আটক চলচলি মছজিদৰ ইমাম

হোজাই, ১১ আগষ্ট : হোজাই জিলাৰ কাকীত চাঞ্চল্যকৰ ঘটনা । অবৈধভাৱে ৰে’লৰ টিকট বিক্ৰী কৰি আটক এগৰাকী ইমাম । হোজাই জিলাৰ কাকী চলচলিত দীৰ্ঘদিন ধৰি ৰে’ল আৰু বিমানৰ টিকট বুকিং আৰু বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ইমাম গৰাকীৰ বিৰুদ্ধে । ব্যক্তিগৰাকী হৈছে চলচলি মছজিদৰ ইমাম কামালুদ্দিন ।

হোজাইত আটক মছজিদৰ ইমাম

জানিব পৰা মতে, কাকী চলচলি চাৰিআলিত AL-ASFI Computer নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান খুলি মৌৰাজাৰ আৰক্ষী থানাৰ অন্তৰ্গত চৌধুৰী বজাৰৰ কপিল আলি নামৰ এগৰাকী ব্যক্তিৰ ব্যক্তিগত পঞ্জীয়ণ নম্বৰেৰে ৰে’লৰ টিকট বিক্ৰী কৰি আহিছিল ইমাম কামালুদ্দিনে । অভিযোগৰ ভিত্তিত মঙলবাৰে হোজাই ৰে’ল আৰক্ষীয়ে ইমামজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত অভিযান চলাই ইমাম কামালউদ্দিনক আটক কৰা লগতে ৰে’লৰ টিকট বিক্ৰী কামত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ জব্দ কৰে ।

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৰে’ল আৰক্ষীয়ে ।

লগতে পঢ়ক :নাহৰকটীয়াত নিচাযুক্ত দ্ৰব্যসহ ৪ জন যুৱকক কৰায়ত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.