হোজাই, 12 জুন : ফেচবুক(Facebook)ত আপত্তিজনক মন্তব্য(Offensive Comments) কৰি হোজাই আৰক্ষীৰ জালত পৰিল যুৱ কংগ্ৰেছৰ নেত্ৰী ৷ হোজাইত যুৱ কংগ্ৰেছৰ জিলা সম্পাদিকা কুছুম নন্দীৰ বিৰুদ্ধে থানাত ৰুজু কৰা হৈছে গোচৰ ।
অভিযোগ অনুসৰি, হোজাইৰ যুৱ কংগ্ৰেছৰ জিলা সম্পাদিকা কুছুম নন্দীয়ে প্ৰধানমন্ত্ৰী, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰসহ হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়া(Facebook)ত আপলোড কৰিছিল আপত্তিজনক পোষ্ট ৷ এই পোষ্টক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
যাৰ ফলত সম্পাদিকা গৰাকীৰ বিৰুদ্ধে হোজাই থানাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰুজু কৰে এক গোচৰ ৷ এই গোচৰৰ ভিত্তিতেই লংকা আৰক্ষীয়ে আটক কৰে কুসুম নন্দীক ।
ইফালে সামাজিক মাধ্যম(Facebook)ত আপত্তিজনক মন্তব্য(Offensive Comments) প্ৰদান কৰাত সম্পাদিকা পদৰ পৰাও জিলা যুৱ কংগ্ৰেছৰ সভাপতি আজাৰুল ইছলামে নিলম্বন কৰিছে কুসুম নন্দীক ৷ জানিব পৰা মতে, কুসুম নন্দীৰ ঘৰ হোজাইৰ লংকাৰ ৬ নং ৱাৰ্ডত ।