ETV Bharat / state

লামডিঙত অব্যাহত চুপাৰি ভৰ্তি ট্ৰাকৰ দৌৰাত্ম্য - হোজাই

লামডিঙত অব্যাহত চুপাৰি ভৰ্তি ট্ৰাকৰ দৌৰাত্ম্য । ৰাষ্ট্ৰীয় ঘাই পথত আবদ্ধ কেইবাখনো চুপাৰি ভৰ্তি ট্ৰাক । নীৰৱ নিৰ্বিকাৰ লামডিং আৰক্ষী ।

হোজাই
লামডিংত অব্যাহত চুপাৰি ভৰ্তি ট্ৰাকৰ দৌৰাত্ম
author img

By

Published : Feb 25, 2020, 6:52 AM IST

Updated : Feb 25, 2020, 7:54 AM IST

হোজাই, 24 ফেব্ৰুৱাৰীঃ ৰাজ্যত অব্যহত আছে চুপাৰিৰ সন্ত্ৰাস ৷ দিন দুপৰতেই চলিছে বাৰ্মিছ চুপাৰিৰ বেহা ৷ বৃহৎ অকংত মেনেজ অসম আৰক্ষী এই অভিযোগ স্থানীয় লোকৰ ৷ নিমাত লামডিঙ আৰক্ষী বিষয়া মীনা দত্ত ৷ লামডিং ৰাষ্ট্ৰীয় ঘাই পথেৰে পাৰ হোৱা চুপাৰি ভৰ্তি ট্ৰাক নাকী লগোৱাত ব্যৰ্থ হৈছে লামডিং আৰক্ষী । ফলত নিশাৰ পৰিৱৰ্তে সোমবাৰে দিনৰ পোহৰতে চুপাৰি ভৰ্তি ট্ৰাক আৱদ্ধ হৈ থকাৰ পিছতো ধৃতৰাষ্ট্ৰৰ ভূমিকা লোৱাৰ অভিযোগ উত্থাপন লামডিং আৰক্ষীৰ বিৰুদ্ধে । লামডিঙৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈছে কেইবাখনো ট্ৰাক ৷ কেৰেপ নকৰে সংবাদ মাধ্যমক ৷ কাছাৰৰ পৰা নাগপুৰলৈ প্ৰেৰণ কৰা চুপাৰি ভৰ্তি ট্ৰাক লামডিংৰ ৰাষ্ট্ৰীয় ঘাইপথত যান্ত্ৰিক বিজুটি ঘটাত কেইবাঘণ্টা আবদ্ধ হৈ আছিল । উল্লেখযোগ্য যে, RJ-14GJ-3846 ,RJ-14GJ-3845, RJ-14GJ-3844, RJ-14GK-4968 আৰু RJ-14GJ-6022 নম্বৰৰ চুপাৰি ভৰ্তি আবদ্ধ হৈ থকা ট্ৰাককেইখনৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা নোলোৱাত সৃষ্টি হৈছে চাঞ্চল্যৰ ।

লামডিঙত অব্যাহত চুপাৰি ভৰ্তি ট্ৰাকৰ দৌৰাত্ম

আনহাতে, চুপাৰি চিণ্ডিকেটৰ বিৰুদ্ধে লামডিং আৰক্ষী তথা অসম আৰক্ষী নিৰ্বিকাৰ হৈ থকা বুলি অভিযোগ অঞ্চলবাসীৰ । প্ৰতিটো গাড়ীৰ পৰা লোৱা কমিচনৰ বাবেই অসম আৰক্ষী ছিণ্ডিকেট নিয়ন্ত্ৰণত ব্যৰ্থ নেকি বুলিও অভিযোগ কৰে স্থানীয়ই ।

আৰু পঢ়কঃ NSCN আৰু আছাম ৰাইফলছৰ সংঘৰ্ষত গুলীবিদ্ধ সাধাৰণ নাগৰিক

Last Updated : Feb 25, 2020, 7:54 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.