ETV Bharat / state

Udaipur killing: উদয়পুৰৰ ঘটনাৰ বিৰুদ্ধে হোজাইত বজৰং দলৰ প্ৰতিবাদ - উদয়পুৰৰ ঘটনাক লৈ উত্তাল বিভিন্ন ৰাজ্য

উদয়পুৰৰ ঘটনাক লৈ উত্তাল বিভিন্ন ৰাজ্য । হোজাই জিলাত বজৰং দলে প্ৰতিবাদ সাব্যস্ত কৰে (Bajrang Dal protest in Hojai)। উদয়পুৰৰ লোমহৰ্ষক ঘটনাত জড়িত দুই জেহাদীক ৰাজপথত ফাঁচী দিয়াৰো দাবী জনাই প্ৰতিবাদকাৰীসকলে ।

protest
উদয়পুৰৰ ঘটনা বিৰুদ্ধে হোজাইত বজৰংগ দলৰ প্ৰতিবাদ
author img

By

Published : Jun 30, 2022, 5:48 PM IST

Updated : Jun 30, 2022, 7:03 PM IST

হোজাই,৩০ জুন : ৰাজস্থানৰ উদয়পুৰৰ ঘটনাই (Udaipur killing case) সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । নৃশংস কাণ্ডক লৈ দেশৰ ভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠনসমূহে । অসমৰো ঠায়ে ঠায়ে সেই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । ইয়াৰ মাজতে হোজাইত বজৰং দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

নতুন বজাৰ শ্বহীদ বেদীৰ সন্মুখত বজৰং দল হোজাই জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (Bajrang Dal protest at Hojai against Udaipur incident)। বজৰং দলে জেহাদীৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে জেহাদীৰ পুত্তলিকা দাহ কৰে । জেহাদী আৰু পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদী শ্ল'গান দিয়ে দলৰ কৰ্মকৰ্তাসকলে । আনহাতে উক্ত লোমহৰ্ষক ঘটনাত জড়িত দুই জেহাদীক ৰাজপথত ফাঁচী দিয়াৰো দাবী জনাই প্ৰতিবাদকাৰীসকলে ।

উদয়পুৰৰ ঘটনাৰ বিৰুদ্ধে হোজাইত বজৰং দলৰ প্ৰতিবাদ

ৰাজস্থান চৰকাৰে অতিশীঘ্ৰে ঘটনাৰ লগত জড়িত দোষীক শাস্তি দিবলৈ দাবী জনায় বজৰং দলৰ কৰ্মীসকলে । প্ৰতিবাদী কাৰ্যসূচীত বজৰং দলৰ লগতে বিশ্ব হিন্দু পৰিষদ আৰু কেইবাটাও সংগঠনে অংশগ্ৰহণ কৰে । ইফালে হোজাই জিলা প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজত এই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন কেইটাই ।

উল্লেখ্য যে, ৰাজস্থানত মঙলবাৰে সংঘটিত হৈছিল এই হত্যাকাণ্ড । নুপুৰ শৰ্মাক সমৰ্থন কৰাৰ বাবে দৰ্জী কানহায়া লালক ধনমাণ্ডি বজাৰত তেওঁৰ দোকানৰ ভিতৰতে শিৰচ্ছেদ কৰিছিল দুই দুৰ্বৃত্তই । অভিযুক্ত গোছ মহম্মদ আৰু ৰিয়াজ আখটাৰীয়ে জঘন্য অপৰাধটোৰ ভিডিঅ'টো ৰেকৰ্ডিং কৰিছিল ৷ এই গোচৰৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIAক অৰ্পণ কৰা হৈছে ৷

বুধবাৰে এই গোচৰৰ দায়িত্ব গ্ৰহণ কৰি সংস্থাটোৱে অনুসন্ধান আৰম্ভ কৰিছে (NIA takes over Udaipur Killing case) ৷ হত্যাৰ কেইঘণ্টামান পিছতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু জেৰা আৰম্ভ হোৱাৰ লগে লগে বৰ্তমান তেওঁলোকক এক অজ্ঞাত স্থানত ৰখা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :উদয়পুৰৰ কনহায়া লালৰ হত্যাৰ বিৰোধিতাৰে তেজপুৰত প্ৰতিবাদ

Last Updated : Jun 30, 2022, 7:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.