ETV Bharat / state

অর্ধ সহস্ৰাধিক আশাকৰ্মীৰ প্ৰতিবাদত উত্তাল হোজাইৰ উপায়ুক্ত কার্যালয়

author img

By

Published : Aug 25, 2021, 5:00 PM IST

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে মঙলবাৰে সোচ্চাৰ হৈ পৰে হোজাই জিলাৰ আশা কর্মীসকল । স্বাস্থ্য বিভাগে তদন্ত নকৰাকৈ একপক্ষীয়ভাৱে ব্যৱস্থা লোৱাৰ অভিযোগ তুলি হোজাই জিলা উপায়ুক্ত কার্যালয়ৰ সন্মুখত প্ৰতিবাদ আশাকৰ্মীৰ ৷

asha karmi protest at Hojai
অর্ধ সহস্ৰাধিক আশাকৰ্মীৰ প্ৰতিবাদত উত্তাল উপায়ুক্ত কার্যালয়

হোজাই, 25 আগষ্ট : হোজাই জিলাৰ ২৭ গৰাকী আশাকর্মীক স্বাস্থ্য বিভাগে কাৰণ দৰ্শোৱাৰ জাননী দিয়াৰ লগতে এগৰাকী আশাকৰ্মীক কৰ্তব্যৰ পৰা অব্যাহতি দিয়াক লৈ মঙলবাৰে প্ৰতিবাদমুখৰ হৈ উঠে হোজাই জিলাৰ আশাকর্মীসকল । অসম ৰাজ্যিক আশাকৰ্মী সন্থাৰ হোজাই জিলা সমিতিৰ আহ্বানত প্ৰায় অর্ধ সহস্ৰাধিক আশাকৰ্মীয়ে হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰৰ পৰা উপায়ুক্ত কার্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷

প্ৰতিবাদকাৰীসকলে আশাকৰ্মীৰ বিৰুদ্ধে আক্ৰোশমূলক ব্যৱস্থা লোৱা নচলিব, আশাকৰ্মীৰ অব্যাহতি প্ৰত্যাহাৰ কৰক, আশাকৰ্মীসকলক চৰকাৰী কৰ্মচাৰীৰ মর্যাদা দিয়ক, আশাকৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰক, চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰক আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে । ধৰ্ণা কাৰ্যসূচীত অসম ৰাজ্যিক আশাকৰ্মী ইউনিয়নৰ সম্পাদিকা মিনাৰা বেগমে আশাকৰ্মীসকলৰ বিভিন্ন সমস্যাৰ ওপৰত বক্তব্য আগবঢ়াই চৰকাৰী চিকিৎসালয়ত চিকিৎসক, নাৰ্ছে প্ৰসূতি ৰোগীৰ পৰা ধন লোৱাৰ অভিযোগ তোলে । কিন্তু চৰকাৰৰ স্বাস্থ্য বিভাগে ইয়াৰ তদন্ত কৰাৰ বিপৰীতে একপক্ষীয়ভাৱে আশাকৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ অভিযোগ কৰি ক্ষোভ প্ৰকাশ কৰে ৰাজ্যিক সম্পাদিকা গৰাকীয়ে ।

প্ৰতিবাদস্থলীত এ আই টি ইউ চিৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰমেন দাস, সহঃ সম্পাদক ফণী দাস, চি পি আইৰ নগাঁও জিলা সমিতিৰ সম্পাদক ৰাতুল বৰা, চি পি আইৰ হোজাই জিলা সমিতিৰ সম্পাদক নুৰুল ইছলামে আশাকৰ্মীসকলৰ লগতে আঁচনিভুক্ত শ্ৰমিকসকলৰ বিভিন্ন সমস্যা আৰু দাবীসমূহ দাঙি ধৰে । আশা কৰ্মীসকলৰ প্ৰায় দুঘণ্টাজোৰা প্ৰতিবাদৰ পাছত অতিৰিক্ত উপায়ুক্তই প্ৰতিবাদকাৰীসকলৰ সন্মুখত উপস্থিত হৈ স্মাৰকপত্ৰ গ্ৰহণ কৰে ।

অতিৰিক্ত উপায়ুক্তই স্মাৰকপত্ৰ গ্ৰহণ কৰি আশাকর্মী ইউনিয়নৰ প্ৰতিনিধি দলৰ সৈতে উপায়ুক্ত অনুপম চৌধুৰী আলোচনাত মিলিত হৈ দাবীসমূহ পূৰণৰ আশ্বাস দিয়াৰ লগতে আগৰ জাননীখন সাময়িকভাৱে স্থগিত ৰখাৰ প্ৰতিশ্ৰুতি দিয়াতহে শান্ত হয় প্ৰতিবাদকাৰী আশা কৰ্মীসকল ।

লগতে পঢ়ক : ক'ভিডৰ তৃতীয় ঢৌৰে মোকাবিলা কৰিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ: কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.