ETV Bharat / state

লংকাত এণ্টি কৰ’ণা টাস্ক ফ’ৰ্চৰ সজাগতা অভিযান

author img

By

Published : May 28, 2021, 10:50 AM IST

হোজাই জিলাৰ লংকা ৰেল ষ্টেচনত এণ্টি কৰ'ণা টাস্ক ফ’ৰ্চৰ সজাগতা অভিযান । এই অভিযানৰ জৰিয়তে মাস্ক, ছেনিটাইজাৰ আৰু দৰিদ্ৰ লোকক আৰ্থিক সাহায্যৰ চেক বিতৰণ ।

awareness program
লংকাত এণ্টি ক'ৰণা টাস্ক ফৰ্চৰ সজাগতা অভিযান

হোজাই, ২৮ মে': দেশজুৰি হোৱা কৰ'ণাৰ কাল সংক্ৰমণত গ্ৰাসিত সকলো । চৰকাৰে বাৰাম্বাৰ দেশবাসীক এই মহামাৰীৰ পৰা উদ্ধাৰৰ বাবে সাৱধানে থাকিবলৈ অনুৰোধ জনাই আহিছে যদিও কোনো কোনো সময়ত একাংশ অসতেন ৰাইজে চৰকাৰৰ আহ্বানক ধূলিসাৎ কৰি আহিছে । বৰ্তমান সময়ত ক'ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে মাস্ক পৰিধান কৰাটো অতি প্ৰয়োজনীয় । সেয়েহে হোজাই জিলাৰ লংকা ৰেল ষ্টেচনত এণ্টি কৰ'ণা টাস্ক ফ’ৰ্চে এক সজাগতা অভিযান আৰম্ভ কৰে ।

ইয়াৰ জৰিয়তে সকলোকে সঠিক ৰূপত মাস্ক পৰিধান কৰা, ৰাইজৰ মাজত কৰ'ণা সন্দৰ্ভত সজাগতা পত্ৰ, দৰিদ্ৰ লোকৰ মাজত মাস্ক, ছেনিটাইজাৰ আৰু আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰে । প্ৰায় ১০ টা পৰিয়ালৰ মাজত এহেজাৰ টকাৰ একোখনকৈ চেক বিতৰণ কৰে এণ্টি ক'ৰণা টাস্ক ফ’ৰ্চে । তাৰোপৰি, ৰেল ষ্টেচনৰ সমীপৰ ব্যৱসায়ী প্ৰতিষ্ঠান সমূহতো ক'ৰণা সন্দৰ্ভত সজাগতা পত্ৰ, মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে । এই অভিযানক ৰাইজে আদৰি লয় ।

লগতে পঢ়ক: খটখটীত ড্ৰাগছ আৰু নগধ ধন সহ গ্ৰেপ্তাৰ তিনি ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.