ETV Bharat / state

কুৱেইটত অসুস্থ হৈ পৰা নাজিমুদ্দিনৰ পৰিয়ালৰ কাষত আজমলৰ প্ৰতিনিধি

author img

By

Published : May 20, 2020, 6:06 PM IST

Updated : May 20, 2020, 6:28 PM IST

কুৱেইটত অসুস্থ হৈ পৰা নাজিমুদ্দিনৰ পৰিয়ালৰ কাষত আজমলৰ প্ৰতিনিধি ৷ নাজিমুদ্দিনক কোৱেইটত চিকিৎসাৰ ব্যৱস্থা কৰি দিয়াৰ উপৰিও নাজিমুদ্দিনৰ পৰিয়ালক নগদ ধনসহ খাদ্য সামগ্ৰী যোগান ধৰে সাংসদ মৌলানা বদৰুদ্দিন আজমলে ।

হোজাই
কোৱেইটত অসুস্থ হৈ পৰা নাজিমুদ্দিনৰ পৰিয়ালৰ কাষত আজমলৰ প্ৰতিনিধি

হোজাই, ২০ মে': কুৱেইটত আৱদ্ধ থকা হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত কৰৈউনি (টেংগাতলি) গাঁৱৰ নাজিমুদ্দিন কৰ্মসূত্ৰে বিদেশত গৈ সম্প্ৰতি অসুস্থ । যাৰ বাবে উপায়হীন হৈ নাজিমুদ্দিনে সহায় বিচাৰিছিল সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ পৰা ৷

সেয়েহে বিদেশত অসুস্থ নাজিমুদ্দিনক সহায়ৰ বাবে বুধবাৰে সহায় হাত আগবঢ়ালে আজমলে । নাজিমুদ্দিনৰ বাসগৃহত আজমলৰ প্ৰতিনিধি উপস্থিত হৈ নগদ ধন সহ খাদ্য সামগ্ৰী যোগান দিয়ে পৰিয়ালটোক ৷

উল্লেখ্য যে, নাজিমুদ্দিনে কুৱেইটত বেমাৰ পৰি মৃত্যুৰ সৈতে যুঁজি থকা এটি ভিডিঅ' সহায় বিচাৰি বদৰুদ্দিন আজমললৈ প্ৰেৰণ কৰিছিল । আজমলে ভিডিঅ'টো লাভ কৰাৰ পাচতে ফোনযোগে যোগাযোগ কৰি নাজিমুদ্দিনক কুৱেইটত চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে ৷

লগতে অসমত থকা নাজিমুদ্দিনৰ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰিও আজমলে পৰিয়ালটোক সহায়ৰ আশ্বাস দিয়ে । যাৰ পৰিপ্ৰেক্ষিততে বুধবাৰে আজমলৰ নিৰ্দেশ মৰ্মে আজমল ফাউণ্ডেচনৰ পৰা এটি সজাতি দল কৰৈউনিৰ নাজিমুদ্দিনৰ ঘৰত গৈ উপস্থিত হৈ খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে নগদ ৫ হাজাৰ টকা পৰিয়ালৰ হাতত তুলি দিয়ে। পৰিয়ালৰ লোকে খাদ্য সামগ্ৰী লাভ কৰি বদৰুদ্দিন আজমলৰ লগতে আজমল পৰিয়ালৰ শলাগ লয় ৷

Last Updated : May 20, 2020, 6:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.