হাইলাকান্দি, 25 এপ্ৰিলঃ দায়িত্বজ্ঞান আৰু কৰ্তব্যজ্ঞানহীনতাৰ চূড়ান্ত পৰিচয় দি শক্তি বিভাগে সংঘটিত কৰিছে এক নাভুত-নাশ্ৰুত কাণ্ড ৷ হাইলাকান্দি বিদ্যুৎ বিভাগে সংঘটিত কৰিছে এই নাভুত-নাশ্ৰুত কাণ্ড ৷ ঘটনা অনুসৰি জিলাখনৰ আলগাপুৰ বড়নগদ গাঁৱত বিজেপিৰ দীনদয়াল উপাধ্যায় গ্ৰামীণ বিদুৎ যোজনাৰ অধীনত বিদ্যুৎ সংযোগৰ বাবে খুটা পোতা হৈছিল ৷ আনকি বহুকেইঘৰ গৃহস্থক বিদ্যুতৰ মিটাৰ পৰ্যন্ত প্ৰদান কৰা হৈছিল ৷ কিন্তু এবছৰ সময় উকলি যোৱাৰ পিচটো গাঁৱখনত বিদ্যুত সংযোগ নহ'ল ৷
কিন্তু বিদ্যুৎ সংযোগ নথকা গাঁৱখনত শেহতীয়াকৈ কেইবাগৰাকীও লোকে লাভ কৰিছে বিদ্যুতৰ বিল ৷ গাঁৱখনৰ নুৰুল ইছলাম লস্কৰ, নুৰ উদ্দিন বৰভূঞা, বসিৰ উদ্দিন বৰভূঞা আদি লোককেইজনৰ নামত বিদ্যুৎ বিভাগে প্ৰেৰণ কৰি আহিছে নিয়মীয়া বিল ৷ এই ঘটনাক লৈ সমগ্ৰ গাঁৱখনে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷