হাইলাকান্দি, 18 ছেপ্তেম্বৰ: বিশ্বকৰ্মা পুজাৰ সুযোগ লৈ হাইলাকান্দিত এগৰাকী লোকৰ ঘৰৰ পৰা চোৰে লুটি নিলে মূল্যবান সামগ্ৰী ৷ হাইলাকান্দি চহৰৰ মাজমজিয়াত অৱস্থিত কালীবাড়ী ৰোডৰ বাসিন্দা অৰবিন্দ দে' নামৰ লোক এগৰাকীৰ ঘৰত চোৰে চলালে চাফাই অভিযান ৷ বিশ্বকৰ্মা পূজা উপলক্ষে বাহিৰলৈ ওলাই গৈছিল পৰিয়ালটো ৷ পৰিয়ালটো বাহিৰলৈ ওলাই যোৱাৰ এঘণ্টাৰ ভিতৰতে চোৰে গহনাকে ধৰি লুটি নিলে প্ৰায় 2 লাখ টকাৰ সামগ্ৰীৰ লগতে 40 হাজাৰ নগদ ধন ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷
লগতে পঢ়ক: শাম কটাৰ দিশে ভাৰত-ভূটান সীমান্তৰ হাতী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাত