ETV Bharat / state

হাইলাকান্দিত পথ সুৰক্ষা মাহ পালন - ROAD SAFETY MONTH

32 তম পথ সুৰক্ষা মাহ উপলক্ষে সোমবাৰে হাইলাকান্দিত সজাগতামূলক ৰেলীৰ আয়োজন কৰা হয় ৷ এমাহ ধৰি চলিবলগীয়া পথ সুৰক্ষা মাহত জিলাখনত বিভিন্ন সজাগতা সভাৰ লগতে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হ‘ব ৷

road-safety-month-rally
হাইলাকান্দিত পথ সুৰক্ষা মাহ পালন
author img

By

Published : Jan 18, 2021, 3:23 PM IST

হাইলাকান্দি, 18 জানুৱাৰী : সোমবাৰৰ পৰা দেশজুৰি আৰম্ভ হৈছে 32 তম পথ সুৰক্ষা মাহ পালন কাৰ্যসূচী ৷ এই পথ সুৰক্ষা পালন কাৰ্যসূচী 17 ফ্ৰেবুৱাৰীত অন্ত পৰিব ৷

অসমতো এই 32তম পথ সুৰক্ষা মাহ উপলক্ষে জিলাই জিলাই আয়োজন কৰা হৈছে বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ ৷ হাইলাকান্দিতো সোমবাৰে 32তম পথ সুৰক্ষা মাহ উপলক্ষে আয়োজন কৰা হয় সজাগতামূলক কাৰ্যসূচীৰ ৷ আজি আনুষ্ঠানিক ভাৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে হাইলাকান্দি জিলা উন্নয়ন আয়ুক্ত ৰঞ্জিত কুমাৰ লস্কৰ আৰু হাইলাকান্দিৰ উপ-আৰক্ষী অধীক্ষক নৱমিতা দাসে ৷ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি হাইলাকান্দিৰ ৰাজপথত বাহিৰ কৰা হয় এক সজাগতামূলক সমদল ৷

road-safety-month-rally
হাইলাকান্দিত পথ সুৰক্ষা মাহ পালন

ইফালে এই পথ সুৰক্ষা মাহৰ সময়ছোৱাত জিলাখনত বিভিন্ন সজাগতা সভাৰ লগতে স্বাস্থ্য শিবিৰ আদিৰো আয়োজন কৰা হ‘ব বুলি জানিবলৈ দিছে হাইলাকান্দি জিলা পৰিবহণ বিষয়া এছ. আৰ. মান্নানে ৷

লগতে পঢ়ক: উৰাজাহাজত উঠিবৰ মন কৰি বিমানবন্দৰত সোমালে বনৰজা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.