ETV Bharat / state

হাইলাকান্দিত সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ - সুলভ মূল্যৰ দোকানী

লক ডাউনৰ মাজতে হাইলাকান্দিৰ কাটলিছেড়া সমষ্টিৰ মনিপুৰ সমবায় সমিতিৰ একাংশ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন ৰাইজৰ। সুলভ মূল্যৰ এজেণ্টসকলে ৰেচন কাৰ্ড থকাসকলৰ প্ৰতিজন লোককে চাউল দিয়াৰ বিপৰীতে 5 জনীয়া সদস্যৰ পৰিয়ালৰ 3 জন সদস্যকহে চাউল দি আছে ৷ এই অভিযোগ হিতাধিকাৰীসকলৰ ৷ গ্ৰাহকক লুণ্ঠন চলাই অহা এজেণ্টসকলৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবী জনাইছে উত্তেজিত ৰাইজে ৷

সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Apr 23, 2020, 7:59 PM IST

হাইলাকান্দি, 23 এপ্ৰিল: হাইলাকান্দি জিলাৰ কাটলিছেড়া সমষ্টিৰ মনিপুৰ সমবায় সমিতিৰ একাংশ সুলভ মূল্যৰ দোকানীয়ে দুখীয়া ৰাইজৰ মূৰত মাধমাৰ সোধাই লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । উত্থাপিত অভিযোগ অনুসৰি,মনিপুৰ সমবায় সমিতিৰ কেইজনমান সুলভ মূল্যৰ এজেণ্টে দীৰ্ঘদিনৰ পৰাই অব্যাহত ৰখা লুণ্ঠনৰ কথা ৰাইজে জানিবলৈ পাৰি জাঙুৰ খাই উঠে ।

সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

উল্লেখ্য যে,ৰেচন কাৰ্ড থকাসকলৰ প্ৰতিজনকে চৰকাৰে বিনামূলীয়া 5 কেজিকৈ চাউল দিবলৈ নিৰ্দেশ দিছিল ৷ কিন্তু সুলভ মূল্যৰ এজেণ্টসকলে ৰেচন কাৰ্ড থকাসকলৰ প্ৰতিজনকে চাউল দিয়াৰ বিপৰীতে 5 জনীয়া সদস্যৰ পৰিয়ালৰ 3 জন সদস্যকহে চাউল দি আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

ইয়াৰ উপৰিও,এপ্ৰিল মাহত কেৱল চৰকাৰীভাৱে অতিৰিক্ত বৰাদ্ধকৃত চাউল প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে এই এজেণ্টসকলে। চৰকাৰী নিৰ্দেশনাক অমান্য কৰি একাংশ এজেণ্টে দুৰ্নীতি চলাই থকাৰ অভিযোগ আনিছে হিতাধিকাৰীসকলে । সুলভ মূল্যৰ দোকানৰ প্ৰত্যেকজন গ্ৰাহকক নিৰ্ধাৰিত পৰিমাণতকৈ কম পৰিমাণৰ চাউল যোগান ধৰাক লৈ ক্ষুব্ধ হৈ পৰিছে হিতাধিকাৰীসকল। দীৰ্ঘদিনৰ পৰা গ্ৰাহকক লুণ্ঠন চলাই অহা এজেণ্টসকলৰ অনুজ্ঞাপত্ৰ বাতিলৰো দাবী জনাইছে একাংশ উত্তেজিত ৰাইজে ।
লগতে পঢ়ক : তিনিচুকীয়াত চাৰি ভুৱা আৰক্ষী আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.