হাইলাকান্দি,১৭ জুলাই: ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হয়। মঙলবাৰে সন্ধিয়া শিলচৰ চিকিৎসা মহাবিদ্যালয়ত হাইলাকান্দি জিলাৰ টেমপুৰ গাঁৱৰ যুৱক মন্টু দাসৰ মৃত্যু হয়।
বিগত এসপ্তাহ ধৰি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন আছিলে মন্টু দাস।