ETV Bharat / state

হাইলাকান্দিত পানীৰ বাবে হাহাকাৰ কৃষকৰ

author img

By

Published : Aug 12, 2020, 4:00 PM IST

হাইলাকান্দি জিলাৰ জলসিঞ্চন বিভাগৰ গাফিলতিৰ বাবে জিলাখনত বিগত 3 বছৰে বন্ধ হৈ আছে জলসিঞ্চন ব্যৱস্থা ৷ ফলস্বৰূপে খেতি পথাৰত পানীৰ বাবে সংকটাৱস্থা হৈছে অঞ্চলটোৰ ৰাইজৰ ৷ কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মাণ হোৱা কোটি টকাৰ জলসিঞ্চন বিভাগৰ এক আঁচনি আৰম্ভ হোৱাৰ পাছতে অঞ্চলটোত কিছুদিন পানী যোগান ধৰা হৈছিল যদিও বিগত তিনি বছৰে জলসিঞ্চন ব্যৱস্থা বন্ধ হৈ থকাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে সাধাৰণ ৰাইজ ৷

Hailakandi
হাইলাকান্দি

হাইলাকান্দি, 12 আগষ্টঃ অসমৰ বাসিন্দাসকলৰ ৮৫ শতাংশই কৃষি সম্পৰ্কিত কাৰ্যৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা হেতুকে ৰাজ্যখনৰ অৰ্থনীতি মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল । কৃষিৰ বাবে জলসিঞ্চন ব্যৱস্থা অৱশ্যই প্ৰয়োজনীয় । সঠিক সময়ত সঠিক জোখত শস্যত পানী যোগান ধৰাৰ ব্যৱস্থাই হৈছে জলসিঞ্চন প্ৰক্ৰিয়া ৷ কিন্তু বহু অঞ্চলত কেবাকোটি টকীয়া জলসিঞ্চনৰ আঁচনি থকাৰ পাছতো পানীৰ বাবে হাহাকাৰ কৰিবলীয়া হৈছে কৃষক ৰাইজে ৷

লগতে পঢ়কঃ সোণাৰিৰ বেঙেনাবাৰী পঞ্চায়তত ৰাইজৰ সাহাৰ্যৰ বাবে অহা চাউল চুৰি

জানিব পৰা মতে, হাইলাকান্দি জিলাৰ জলসিঞ্চন বিভাগৰ গাফিলতিৰ বাবে জিলাখনত বিগত 3 বছৰে বন্ধ হৈ আছে জলসিঞ্চন ব্যৱস্থা ৷ ফলস্বৰূপে খেতি পথাৰত পানীৰ বাবে সংকটাৱস্থা হৈছে অঞ্চলটোৰ ৰাইজৰ ৷ কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মাণ হোৱা কোটি টকাৰ জলসিঞ্চন বিভাগৰ এক আঁচনি আৰম্ভ হোৱাৰ পাছতে অঞ্চলটোত কিছুদিন পানী যোগান ধৰা হৈছিল যদিও বিগত তিনি বছৰে জলসিঞ্চন ব্যৱস্থা বন্ধ হৈ থকাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে সাধাৰণ ৰাইজ ৷

হাইলাকান্দি

খেতি পথাৰত পানী নোহোৱাৰ ফলত বহু কষ্টৰ সন্মুখীন হৈছে কৃষকসকল । কৃষকৰ অভিযোগ অনুসৰি এইখন আঁচনিৰ অধীনত ২৫ জনকৈ কৰ্মচাৰী আছে যদিও খেতি পথাৰত পানী দিয়াৰ বাবে এজনো কৰ্মচাৰীয়ে গুৰুত্ব আৰোপ কৰা নাই । সেয়ে ক্ষোভিত কৃষকসকলে শীঘ্ৰে অঞ্চলটোত পানীৰ যোগান ধৰিবলৈ চৰকাৰক দাবী জনাইছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.