ETV Bharat / state

কোৱাৰেন্টাইন চেন্টাৰত অপ্ৰিতিকৰ পৰিস্থিতি

হাইলাকান্দিৰ কোৱাৰেন্টাইন চেন্টাৰত দিয়া বিছনা,গাৰু আদি অপৰিস্কাৰ কৰাৰ লগতে চাৰিওফালে আবৰ্জনা পূৰ্ণ কৰি পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ আবাসীৰ ৷

NO CLEAN QUARANTINE CENTER PROTEST at hailakandi
কোৱাৰেন্টাইন চেন্টাৰত অপ্ৰিতিকৰ পৰিস্থিতি
author img

By

Published : Jun 28, 2020, 5:28 PM IST

হাইলাকান্দি,28জুনঃ হাইলাকান্দিত বহিঃৰাজ্যৰ পৰা অহা একাংশ লোকৰ কোৱাৰেন্টাইন চেন্টাৰত চৰম অসভ্যালি কৰা দেখা গৈছে। কোৱাৰেন্টাইন চেন্টাৰত চৰকাৰে যোগান ধৰা বিছনা,গাৰু আদি অপৰিস্কাৰ কৰাৰ লগতে চাৰিওফালে আবৰ্জনা পূৰ্ণ কৰি কোৱাৰেন্টাইন চেন্টাৰৰ পৰিবেশ অপৰিস্কাৰ কৰাৰ অভিযোগ উঠিছে কোৱাৰেন্টাইন আৱাসী সকলৰ বিৰুদ্ধে। হাইলাকান্দি চহৰৰ মাজ মজিয়াত থকা চৰকাৰী ভিক্টোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা ।

কোৱাৰেন্টাইন চেন্টাৰত অপ্ৰিতিকৰ পৰিস্থিতি

দেওবাৰে পুৱা ৰাতিপুৱা বহিঃৰাজ্যৰ পৰা অহা এটা দলক বিদ্যালয়খনত কোৱাৰেন্টাইন কৰিছিল জিলা প্ৰশাসনে । কিন্তু এওঁলোক ভিতৰত গৈ দেখিলে এক নৰক সদৃশ পৰিবেশ ৷ বিদ্যালয়ৰ ভিতৰ ভাগ জাবৰ আৰু আবৰ্জনাৰে পৰিপূৰ্ণ হৈ আছিল । বিছনা সমূহ নাছিল কোনো নিৰ্ধাৰিত স্থানত ৷ ইয়াৰ উপৰি কেইবাখন বিছনাত প্ৰস্ৱাৱ কৰি থোৱা আছিল । শনিবাৰে কোৱাৰেন্টাইন চেন্টাৰ ত্যাগ কৰা একাংশ লোকে এনেদৰে চৰম অসভ্যালি কৰি থৈ যোৱাৰ উত্থাপন হৈছে । এই নৰকময় পৰিস্থিতিত নতুনকৈ অহা যুৱক সকল থাকিবলৈ অমান্তি হোৱাৰ লগতে জিলা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে চেন্টাৰত থকা চৰকাৰী কৰ্মচাৰী সকলে খবৰ দিয়ে জিলা প্ৰশাসনক ৷ অৱশেষত কোৱাৰেন্টাইন চেন্টাৰত জিলা প্ৰশাসনৰ বিষয়া সকল উপস্থিত হৈ চেন্টাৰতো পৰিস্কাৰ কৰি দিয়াৰ পিছতে হে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ।

লগতে পঢ়কঃ আজমল ফাউণ্ডেশ্যনৰ খাদ্য সামগ্ৰী বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.