ETV Bharat / state

হাইলাকান্দিত লোমহৰ্ষক হত্যাকাণ্ড - হত্যাকাণ্ড

হাইলাকান্দিৰ আলগাপুৰ সমষ্টিৰ অন্তৰ্গত চন্দিপুৰ চাহ বাগিচাত সংঘটিত হৈছে এক হত্যাকাণ্ড ৷ কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ হেৰুৱাইছে সমীৰণ মহালি নামৰ এজন ব্যক্তিয়ে ৷

Murder at Hailakandi assam etv bharat news
লোমহৰ্ষক হত্যাকাণ্ড
author img

By

Published : Sep 25, 2020, 5:38 PM IST

হাইলাকান্দি,25 ছেপ্তেম্বৰ: হাইলাকান্দিত সংঘটিত হৈছে এক হত্যাকাণ্ড ৷ কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ হেৰুৱাই জ্যেষ্ঠ ভাতৃয়ে ৷ ঘটনাৰ বিৱৰণী অনুসৰি,হাইলাকান্দিৰ আলগাপুৰ সমষ্টিৰ অন্তৰ্গত চন্দিপুৰ চাহ বাগিচাত সংঘটিত হৈছে এনে ঘটনা ৷ অঞ্চলটোৰ মাৰ্ঘনপুৰ গাঁৱত ভাতৃৰ এনে নিষ্ঠুৰতাৰ বলি হয় সমীৰণ মহালি নামৰ লোকজন ৷ শুকুৰবাৰে পুৱতি নিশা প্ৰায় 4 বজাত লাভ কৰা এটি খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় আলগাপুৰ আৰক্ষীৰ এটা দল ৷ পাৰিবাৰিক সংঘাতৰ ফলত সংঘটিত হত্যাকাণ্ডৰ মূল অভিযুক্ত বলৰাম মহালিক আৰক্ষীয়ে ততালিকে আটক কৰে ৷

লোমহৰ্ষক হত্যাকাণ্ড

পৰৱৰ্তী সময়ত আৰক্ষীয়ে আলগাপুৰ চক্ৰ বিষয়াৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাইলাকান্দি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উক্ত ঘটনা সম্পৰ্কে মৃত সমিৰণৰ পত্নী সান্তনা মহালিয়ে আলগাপুৰ আৰক্ষী চকীত ভাৰতীয় দণ্ডবিধিৰ অধীনত 326/ 2020 নম্বৰত ৰুজু কৰিছে এক গোচৰ ৷ আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷

লগতে চাওকঃ বন বিভাগৰ অভিযানত কাঠৰ কুণ্ডাভৰ্তি ট্ৰাক জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.