ETV Bharat / state

অগ্নিগৰ্ভা হাইলাকান্দি; দুই ফৈদৰ সংৰ্ঘষত নিহত এজন চিকিৎসাধীন 9 জন

হাইলাকান্দিৰ ৰাজপথত জুম্মাৰ নামাজ পঢ়াৰ পাছতে উত্তাল হৈ পৰে চহৰখন । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সান্ধ্য আইন জাৰী আৰক্ষী প্ৰশাসনৰ।

নামাজ পঢ়াক কেন্দ্ৰ কৰি উত্তাল হাইলাকান্দি !
author img

By

Published : May 10, 2019, 5:48 PM IST

Updated : May 11, 2019, 1:23 AM IST

হাইলাকান্দি,১০ মে' : ৰাজপথত নামাজ পঢ়াক কেন্দ্ৰ কৰি উত্তাল হৈ উঠে হাইলাকান্দি চহৰ। এই সন্দৰ্ভত হাইলাকান্দিৰ স্থানীয় এচ এচ ৰোডত দুই ফৈদৰ কাজিয়াৰ ফলত সংঘৰ্ষৰ সৃষ্টি হয়। সংঘৰ্ষৰ ফলত ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো বাইকৰ লগতে কেইবাটাও ব্যবসায়িক প্ৰতিষ্ঠান । দুই ফৈদৰ কাজিয়াৰ ফলত আহত হয় তিনি আৰক্ষীৰ সৈতে মুঠ পোন্ধৰ গৰাকী ব্যক্তি ।

নামাজ পঢ়াক কেন্দ্ৰ কৰি উত্তাল হাইলাকান্দি !

উল্লেখ্য যে, শুকুৰবাৰে হাইলাকান্দিৰ এচ এচ ৰোডস্থিত মছজিদৰ সম্মুখত ৰখাই থোৱা কেইবাখনো বাইকৰ ছিট কাটি দিয়ে একাংশ দুৰ্বৃত্তই । যাৰ প্ৰতিবাদত শনিবাৰে এচ এচ ৰোডত ৰাজপথ বন্ধ কৰি জুম্মাৰ নামাজ পঢ়াৰ সিদ্ধান্ত লয় একাংশই । পিছত স্থানীয় আন এটা ফৈদে তেওঁলোকে বাধা দিয়াৰ ফলত সৃষ্টি হয় এই সংঘৰ্ষৰ । ইয়াৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰথমতে লাঠি চালনা আৰু পিছত শূন্যলৈ গুলি চালনা কৰে । তাৰ পাছতে প্ৰশাসনৰ তৰফৰ পৰা গোটেই চহৰতে সান্ধ্য আইন ঘোষণা কৰা হয় । ইপিনে, এই ঘটনাৰ পিছত একাংশ উদণ্ড যুৱকে হাইলাকান্দিৰ এন এচ ৰোডত থকা মুঠ 20 খন ব্যৱসায়িক প্ৰতিষ্ঠানত আৰু ৪ খন মটৰ চাইকেল আৰু ই-ৰিক্সাত অগ্নি সংযোগ কৰাৰ ফলত পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে ৷

Intro:Body:

SFSF SDFS

Conclusion:
Last Updated : May 11, 2019, 1:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.