হাইলাকান্দি,১৫ মে': অশান্ত হাইলাকান্দিত শান্তিৰ জন্ম। যোৱা শুকুৰবাৰে এটা অবাঞ্চিত ঘটনাই জোকাৰি গৈছিল হাইলাকান্দিসহ সমগ্ৰ বৰাক উপত্যকা। বিগত ৬ দিনৰ পৰা অশান্ত হৈ আছে হাইলাকান্দি চহৰ। ৰাজপথত নামাজ পঢ়াক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্টি হোৱা কাজিয়াৰ ফলত বিভীষিকাৰ ৰূপ লৈছিল হাইলাকান্দি চহৰত। কিন্তু চাৰিওফালে অশান্তিৰ মাজতে পৰিলক্ষিত হ'ল এটা ইতিবাচক ঘটনা। সংঘাত আৰু অশান্তিৰ মাজতে সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন হিচাপে জন্ম লাভ কৰে শান্তি নামৰ কণমানিজনীয়ে।
উল্লেখ্য যে, যোৱা দেওবাৰে সান্ধ্য আইন চলি থকাৰ মাজতে হাইলাকান্দিৰ এচ কে ৰায় অসামৰিক হাস্পতালত জন্ম লাভ কৰে এগৰাকী কণমানিয়ে। হাইলাকান্দিৰ ৰাজ্যেশ্বৰপুৰ গাঁৱৰ ৰুবুল দাস আৰু নন্দিতা দাসৰ ঘৰত জন্ম গ্ৰহণ কৰা এই পুত্ৰ সন্তানৰ নাম ৰাখিলে "শান্তি"। কাৰণ হাইলাকান্দিত সংঘাতৰ ৰূপ লোৱাৰ দৰে এক সংবেদনশীল সময়ত মুছলমান সম্প্ৰদায়ৰ ব্যক্তি মকবুল লস্কৰে নিজ গাড়ী যোগে হাস্পতাললৈ লৈ গৈছিল প্ৰসৱ যন্ত্ৰনাত কাতৰ হোৱা নন্দিতাক। এই সূত্ৰে সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক দৃষ্টান্ত ৰূপে জন্ম লোৱা এই শিশুটিৰ নাম ৰাখে শান্তি। বুধবাৰে নৱজাতকৰ ঘৰত উপস্থিত হৈ ৰুবুল দাস, নন্দিতা দাস আৰু গাড়ী চালক মকবুল লস্কৰক সম্মান প্ৰদৰ্শন কৰে হাইলাকান্দিৰ জিলা উপায়ুক্ত জাল্লি কিৰ্তী আৰু আৰক্ষী অধীক্ষক মহনীশ মিশ্ৰয়। ইফালে মঙলবাৰে হাইলাকান্দি কাণ্ডত নিহত যুৱক জছিম আহমদৰ ঘৰত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৫ লাখ টকাৰ চেক পৰিয়ালৰ হাতত তুলি দিয়ে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে।