কাছাৰ, 30 মে’: হাইলাকান্দিৰ সন্তোষ কুমাৰ ৰয় অসামৰিক চিকিৎসালয়ৰ ক’ভিড চেণ্টাৰত বৃহস্পতিবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ চেণ্টাৰটোত চিকিৎসাধীন এটা কাৰাবন্দীয়ে বৃহস্পতিবাৰে পুৱা কেন্দ্ৰটোৰ পৰা পলায়ন কৰে ৷
জানিব পৰা মতে, বুধবাৰে হাইলাকান্দি জিলা কাৰাগাৰত জিলা স্বাস্থ্য বিভাগৰ ফালৰ পৰা ক’ভিড টেষ্ট কৰা হৈছিল ৷ উক্ত কৰ’ণাৰ পৰীক্ষাত 13জনকৈ কাৰাবন্দীৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল ৷ যাৰ পাছতে ক’ভিড আক্ৰান্ত কাৰাবন্দী কেইজনক হাইলাকান্দিৰ সন্তোষ কুমাৰ ৰয় অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হয় ৷ কিন্তু বৃহস্পতিবাৰে পুৱাই হত্যাৰ গোচৰত কাৰাবাস খাটি থকা ৰাহুল উদ্দিন লস্কৰ নামৰ কাৰাবন্দীটোৱে চিকিৎসালয়ৰ পৰা পলায়ন কৰে ৷
উক্ত ঘটনাৰ পাচতে হাইলাকান্দি আৰক্ষীৰ ভিতৰচৰাত হুৱা-দুৱা লাগিছে ৷ ইতিমধ্যে হাইলাকান্দি আৰক্ষীয়ে সংবাদমেলৰ আয়োজন কৰি পলাতক ৰাহুল উদ্দিন লস্কৰৰ সন্ধান দিওঁতাক নগদ ধনৰে পুৰস্কৃত কৰাৰ লগতে সন্ধান দিওঁতাৰ পৰিচয় গোপন ৰখা হ’ব বুলি ঘোষণা কৰিছে ৷ সম্প্ৰতি এই ঘটনাই সমগ্ৰ জিলাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক: চতুৰ্থবাৰ উদ্বোধন একেখন এম্বুলেঞ্চ: বাতৰি পৰিৱেশন পাচতে ইটিভিৰ সাংবাদিকৰ বিৰুদ্ধে গোচৰ দাখিল