হাইলাকান্দি, 11 ছেপ্তেম্বৰ : হাইলকান্দি জিলাৰ ঘাৰমুড়া জিলা পৰিষদৰ অন্তৰ্গত সুলাতানি পালইছড়া গাঁও পঞ্চায়ত উত্থাপতি হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত বৃহৎ দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ । ৰাইজৰ অভিযোগ যে,বহু দিনৰ পৰা তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰি আহিছে যদিও আজিলৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই প্ৰধানমন্ত্ৰী আৱাস ।
ফলত অভিযোগ উঠিছে যি সকল লোকে টকা দিয়ে সেই সকলে ঘৰ পায় কিন্তু যি সকলে টকা নিদিবলৈ সমৰ্থ নহয় তেওঁলোক ঘৰ লাভ কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে । আনকি ঘৰৰ ফটো আৰু Geo Tagging কৰাৰ পাচত 500-1000 টকাকৈ দাবী কৰাৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷
সুলতানি পালইছড়া গাঁৱৰ পঞ্চায়তৰসহ সভাপতি আব্দুল হুচেইন লস্কৰ,গ্ৰুপ সদস্য মজিবুৰ ৰহমান আৰু GRS জাব্বাৰ আলি বৰভূঞাৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ । এই গাঁৱখনৰ প্ৰায় 18 টা পৰিয়ালে পোৱা নাই এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস গৃহ । যাৰ ভাৱে সংবাদ মাধ্যমৰ আগত অতি সোনকালে তেওঁলোকক ঘৰ প্ৰদান কৰাৰ লগতে এই সকল দুৰ্নীতিকাৰী পঞ্চায়ত প্ৰতিনিধি তথা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাইছে জিলা উপায়ুক্তক ।