হাইলাকান্দি, 14 অক্টোবৰ : তিনিদিনীয়া বৰাক ভ্ৰমণত আহি মঙলবাৰে প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হয় প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইন ৷ বৰাক ভ্ৰমণৰ কাৰ্যসূচী অনুসৰি মঙলবাৰে হাইলাকান্দি জিলাৰ আলগাপুৰ বিধানসভা সমষ্টিৰ ছৈয়দবন্দ গাঁৱত কাগজ কলৰ কৰ্মচাৰীৰে সাক্ষাৎ কৰাৰ বাবে উপস্থিত হোৱাৰ কথা আছিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু ছিদ্দিক আহমেদ ৷
কিন্তু উপস্থিত হোৱাৰ পূৰ্বেই একাংশ কংগ্ৰেছ কৰ্মীয়েই আলগাপুৰ বিধানসভা সমষ্টিৰ পৰা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক কমৰুল ইছলামক আগন্তুক 2021ৰ নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰদানক লৈ ৰাজনৈতিক মহলত চলা চৰ্চাক কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে পঢ়ক: কোনো কাৰণতে মাদ্ৰাছা বন্ধ হ’বলৈ নিদিয়াৰ হুংকাৰ মাদ্ৰাছা শিক্ষক সন্থাৰ