হাইলাকান্দি,৬ ফেব্ৰুৱাৰী: পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত হাইলাকান্দি জিলাত কংগ্ৰেছৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত সমগ্ৰ অসমৰ লগতে হাইলাকান্দিত জিলাৰ লালা ব্লক কংগ্ৰেছৰ উদ্যোগত পেট্ৰ'ল পাম্পৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গান দিয়াৰ লগতে অত্য়াৱশ্য়কীয় সামগ্ৰীৰ মূল্য় অতি শীঘ্ৰে হ্ৰাস নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে । ইফালে জিলা কংগ্ৰেছৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে ।