ETV Bharat / state

লক ডাউন শেষ হ'লেও বজাই ৰাখিব লাগিব সামাজিক দুৰত্বঃসৰ্বানন্দ সোণোৱাল

author img

By

Published : Apr 8, 2020, 7:25 PM IST

হাইলাকান্দিত মঙলবাৰে এগৰাকী ব্যক্তিৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী জিলাখনত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷

CM Visit Hailakandi
মুখ্য়মন্ত্ৰীৰ হাইলাকান্দি ভ্ৰমণ

হাইলাকান্দি,8 এপ্ৰিলঃ লক ডাউন শেষ হ’লেও বজায় ৰাখিব লাগিব সামাজিক দুৰত্ব ৷ যেতিয়ালৈকে সম্পূৰ্ণৰূপে শেষ নহয় কৰ’ণাৰ আতংক,তেতিয়ালৈ সকলোৱে পালন কৰিব লাগিব সামাজিক দুৰত্ব-বুধবাৰে হাইলাকান্দি ভ্ৰমণলৈ আহি এই মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

মুখ্য়মন্ত্ৰীৰ হাইলাকান্দি ভ্ৰমণ

বৰাক উপত্যকাত কৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ প্ৰস্তুতি পৰ্যবেক্ষণৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী সোণোৱাল ৷ বৰাকত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথমে কৰিমগঞ্জ আৰু হাইলাকান্দি পৰিদৰ্শন কৰে ৷ হাইলাকান্দিৰ এচ কে ৰায় অসামৰিক চিকিৎসালয়ত নিৰ্মাণ কৰা আইছ’লেচন ৱাৰ্ড পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সোণোৱালে । ইয়াৰ পিছত জিলা উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত এক সভাত অংশ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত বৰাকৰ স্বাস্থ্য বিভাগ কৰ’ণা ভাইৰাছৰ মোকাবিলাৰ ক্ষেত্ৰত সম্পূৰ্ণ সাজু বুলি উল্লেখ কৰে ৷

লগতে চাওকঃ বিদেশত কুশলে আছেনে অসমীয়া !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.