হাইলাকান্দি, ২৩ জুনঃ হাইলাকান্দিৰ ভিচিংছা গাওঁৰ এটি শিশুৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে । চিকিৎসাৰ নামত পিতৃ-মাতৃয়ে সকলো সা-সম্পত্তি বিক্ৰী কৰি এতিয়া নিৰুপায় শিশুটোৰ উন্নত চিকিৎসাৰ বাবে পৰিয়ালটো ।
মাত্ৰ আঢ়ৈ বছৰ বয়সৰ এগৰাকী কনমানি । নাম আৰিফা আখতাৰ । হাইলাকান্দি জিলাৰ ভিচিংচা গাওঁৰ হুমায়ুন কবিৰ লস্কৰৰ কন্যা আৰিফা । জন্মৰ মাত্ৰ দুমাহ পিছৰ পৰাই দুৰাৰোগ্য এক ব্যধিত আক্ৰান্ত হৈছিল আৰিফা । ইয়াৰ পিছৰ পৰাই অস্বাভাবিক ভাবে বৃদ্ধি পাইছে আৰিফাৰ মুৰৰ আকৃতি । প্ৰথম পৰ্যায়ত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত অস্ত্ৰোপচাৰ কৰাইছিল যদিও কোনো সুফল নাপালে পৰিয়ালটোৱে । উন্নত চিকিৎসা কৰাব পাৰিলেহে সুস্থ হৈ উঠাৰ সম্ভাবনা আছে আৰিফাৰ । কিন্তু পিতৃ-মাতৃয়ে সকলো সা-সম্পত্তি বিক্ৰী কৰি সৰ্বস্বান্ত হৈ সংবাদ মাধ্যমৰ যোগেদি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী আৰু অন্যান্য সুহৃদয় ব্যক্তিৰ ওচৰত সাহায্যৰ আহ্বান জনাইছে । যদি কোন সদাশয় ব্যক্তি বা সংগঠনে আৰিফাৰ চিকিৎসাৰ বাবে সাহায্য আগবঢ়াব বিচাৰে তেনেহলে তলত উল্লেখ কৰা একাউন্ট নম্বৰত প্ৰৰণ কৰিবলৈ জনাইছে ।
(Houmyoun kabir laskar
A/C no - 20096955405
SBI monacherra branch
ifsc - SBIN0007034
Mobile no - 9401651484)
লগতে আন এটা বাতৰি- চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত দুই