ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে গণ সত্যাগ্ৰহ

author img

By

Published : Dec 19, 2019, 3:51 AM IST

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে গণ সত্যাগ্ৰহ ৷ আছুয়ে আহ্বান জনোৱা তিনি দিনীয়া গণ সত্যাগ্ৰহৰ তৃতীয় দিনা হাইলাকান্দি, নগাঁও আৰু গুৱাহাটীৰ লতাশিলত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

Assam CAA Protest
নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে গণ সত্যাগ্ৰহ

হাইলাাকান্দিঃ হাইলাকান্দিত আছুৰ গণ সত্যাগ্ৰহ । হাইলাকান্দিৰ লক্ষীৰবন্দৰত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লগতে বিভিন্ন ছাত্ৰ সংস্থাই সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদত বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে । যাৰ বাবে প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰায় ২ শতাধিক প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে ।

নগাঁওঃ নগাঁৱৰ নেহেৰুৱালীত শিল্পীৰ গণ প্ৰতিবাদ । গীত ,নৃত্য, কবিতা, চিত্ৰ অংকনেৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ দুই শতাধিক শিল্পীৰ । কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত বিপ্লৱী শিল্পী মহেন্দ্ৰ হাজৰিকা, গণ শিল্পী সূৰ্য্য দাসে গালে জাতিৰ গান । ধুবুৰীৰ পৰা তিনিচুকীয়া, শদিয়াৰ শিল্পীয়ে অংশগ্ৰহণ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদত চৰকাৰে ললিপ'প দি শিল্পীক দুভাগ কৰিব খুজিছে ৷

তাৰোপৰি ১৫ জনতকৈও অধিক শিল্পীয়ে চিত্ৰ অংকন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে শিল্পীৰ এই গণ প্ৰতিবাদত কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি নিদিলে অসমত আন্দোলন আৰু অধিক তীব্ৰতৰ হ'ব বুলি হুংকাৰ প্ৰদান কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা প্ৰাগজ্যোতিষ বনিয়াই ।

গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তিনিদিনীয়া গণসত্যাগ্ৰহ আন্দোলনৰ বুধবাৰে তৃতীয়টো দিন । তৃতীয় দিনটোত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত আছুৰ লগতে 30 টা সংগঠনে লতাশিল খেল পথাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । কৰ্মচাৰী পৰিষদৰ লগতে অসম চিকিৎসক সন্থাকে ধৰি বহু সংগঠনে আছুৰ নেতৃত্বত হোৱা প্ৰতিবাদী কাৰ্যসূচীত স্বতঃস্ফুটভাবে ওলাই আহে । কৰ্মচাৰী পৰিষদৰ সভাপতি বাখব কলিতাই সদৌ অসম কৰ্মচাৰী সন্থাই নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি যাব বুলি জানিবলৈ দিলে ।

ইফালে তিনিদিনীয়া গণসত্যাগ্ৰহৰ শেষৰ দিনটোত আছুৰ সভাপতি লুৰিন জ্যোতি গগৈ আৰু উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ স্পষ্ট কথা যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ চলি যাব । প্ৰতিবাদী সভা , নাগৰিক সভা আৰু প্ৰচাৰ পত্ৰিকাৰে নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে প্ৰতিবাদ চলাই যাব বুলি জানিবলৈ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । লগতে 21 ডিচেম্বৰত নাৰী শক্তিক লগত লৈ ছাত্ৰ সন্থাৰ অৱস্থান ধর্মঘট কৰাৰ কথা সংবাদ মাধ্যমক অৱগত কৰে আছুয়ে ৷

কাছাৰঃ সদৌ অসম কৰ্মচাৰী পৰিষদে আহ্বান জনোৱা কৰ্মবিৰতীত পালন নকৰে কাছাৰ জিলা কৰ্মচাৰী পৰিষদে । বুধবাৰে শিলচৰৰ কৰ্মকত্তা সকলে জনায় সদৌ অসম কৰ্মচাৰী পৰিষদে জাৰী কৰা নিৰ্দেশনা পালন নকৰে কাছাৰ জিলা কৰ্মচাৰী পৰিষদে । কাছাৰ জিলা কৰ্মচাৰী সংস্থাৰ সম্পাদক তাৰা শংকৰ দাস কয় যে, বৰাক উপত্যকাৰ কোনো জিলাত কোনোধৰণৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা নকৰে কৰ্মচাৰী সংগঠনৰ কৰ্মকত্তা সকলে ।

লগতে পঢ়ক:অখিল গগৈৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ দুই ছাত্ৰ নেতাৰ

Intro:Body:

কাছাৰ জিলা সৌদ অসম কৰ্মচাৰী পৰিষদ কোন আন্দোলনৰ নাযায় ।আজ শিলচৰৰ কৰ্মকৰ্ত্তা সকলে জনায় সংগঠনৰ উপর মহলৰ পৰা যে নিৰ্দেশনা জাৰী কৰা মানী নলয় তেওঁ লোকে । সংস্থাৰ সম্পাদক তাঁরাশঙ্কৰ দাস কয় বৰাক উপত্যকাৰ কোনজিলাত কোনোধৰণৰ CAA ৰ বিৰোধিতা নকৰিব  সংঘটনৰ কৰ্মকৰ্ত্তা সকলে ।bite

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.