হাইলাকান্দি,10 নৱেম্বৰঃ ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ পিছত এইবাৰ বৰাকত আৰম্ভ কৰিছে অসম জাতীয় পৰিষদৰ দলৰ কমিটি গঠন প্ৰক্ৰিয়া। মঙলবাৰে হাইলাকান্দিস্থীত স্থানীয় ৰবীন্দ্ৰ ভৱনত অনুষ্টিত হয় অসম জাতীয় পৰিষদৰ কমিটি গঠন সভা ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সমন্বয়ক অদীপ কুমাৰ ফুকন, দলৰ আহ্বায়ক জিয়াউৰ ৰহমানৰ লগতে দলৰ নেতাকৰ্মী।
উল্লেখযোগ্য যে, অসম জাতীয় পৰিষদৰ হাইলাকান্দি জিলা আহ্বায়ক কমিটি গঠন কৰাৰ লগতে প্ৰায় ৫ শতাধিক লোকে সভাত যোগদান কৰে অসম জাতীয় পৰিষদত । আগন্তুক ২০২১ৰ অসমৰ বিধান সভাৰ নিৰ্বাচনত দলৰ পৰা বৰাক উপত্যকাৰ 15 খন আসনতে প্ৰাৰ্থীত্ব প্ৰদান কৰিব ৷ ইপিনে বৰাক উপত্যকাতৰ ১৫ খন আসনৰ ভিতৰত ৫ খন আসনত জয়লাভ কৰিব বুলি আশাবাদী AJP দলৰ শীৰ্ষ নেতৃত্ব।
ইপিনে সভাত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সমন্বয়ক অদীপ কুমাৰ ফুকনে বদৰুদ্দিন আজমলক কটাক্ষ কৰি কয় যে, আজমলে ৰাজনীতি এৰি ব্যৱসায় কৰক, কাৰণ ব্যৱসায়ীৰ কাম ৰাজনীতি কৰা নহয় ৷
একদৰে অদীপ ফুকনে অসম মিজোৰাম সীমান্তৰ সমস্যাকলৈও সৰৱ হৈ পৰা দেখা যায় ৷ সোণোৱাল চৰকাৰক সমালোচনা কৰি অদীপ ফুকনে কয় যে, চৰকাৰে ইচ্ছা কৰিয়ে সীমা বিবাদৰ বিষয়টো জীয়াই ৰাখিছে ৷ মিজোৰামৰ লগত সীমা বিবাদৰ সমস্যাটোৰ বিষয়ে কবলৈ গৈ অদীপ ফুকনে নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰে ৷ মিজোৰামত চৰকাৰ গঠনত হিমন্ত বিশ্ব শৰ্মাই আগভাগ ল’ব পাৰে; কিন্তু সীমা সমস্যাটো সামাধানৰ ক্ষেত্ৰত মিজোৰাম চৰকাৰৰ লগত আলোচনা কৰি সমস্যাটো সামাধানৰ ক্ষেত্ৰত কিয় পদক্ষেপ গ্ৰহণ নকৰে বুলি প্ৰশ্ন উত্থাপন কৰে ৷
লগত পঢ়কঃ নৱেম্বৰত মুকলি হ'ব অসমৰ অন্যতম ভূমিপুত্ৰ ঠেঙাল কছাৰীৰ সভ্যতা সংস্কৃতি প্ৰতিফলিত কৰা সংগ্ৰহালয়