ETV Bharat / state

দেৰগাঁৱত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ - দেৰগাঁৱৰ উদীয়মান যুৱ ব্যৱসায়ী মিঠুন ঘোষ

দেৰগাঁৱৰ উদীয়মান যুৱ ব্যৱসায়ী মিঠুন ঘোষে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ । মিলনপুৰ, বাছষ্টেণ্ডৰ সমীপ, নাথ গাঁও, ফুকন নগৰ, পেঞ্চন কলনি, আদি অঞ্চলৰ ৩০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান মিঠুন ঘোষৰ ।

dergaon
দেৰগাঁৱত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ
author img

By

Published : May 29, 2021, 9:32 PM IST

দেৰগাঁও, ২৯ মে': কৰ'ণা অতিমাৰীৰ দ্বিতীয় লহৰত দেশৰ অন্যান্য প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ দেৰগাঁৱতো দৈনিক বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা । এই সংক্ৰমণৰ সৈতে মোকাবিলা কৰাৰ অৰ্থে প্ৰশাসনে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি যি সমূহ বাধা নিষেধ বলৱৎ কৰিছে সেই নিয়মসমূহে সমাজৰ দৰিদ্ৰ খাটিখোৱা শ্ৰেণীক যথেষ্ট সমস্যাত পেলোৱা পৰিলক্ষিত হৈছে ।

দেৰগাঁৱত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

বিশেষকৈ দৈনিক হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পৰিয়াললৈ এসাজ খাই আন সাজৰ বাবে থমকি ৰ'ব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে । এনে সময়তে দেৰগাঁৱৰ উদীয়মান যুৱ ব্যৱসায়ী মিঠুন ঘোষে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ।

ঘোষে নিজা প্ৰচেষ্টাৰে তেনেধৰণৰ পৰিয়ালৰ মুখত এমুঠি অন্ন যোগানৰ বাবে আগবাঢ়ি আহি দেৰগাঁৱৰ মিলনপুৰ, বাছষ্টেণ্ডৰ সমীপ, নাথ গাঁও, ফুকন নগৰ, পেঞ্চন কলনি, আদি অঞ্চলৰ ৩০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰে । ক'ভিড প্ৰটক'ল ৰক্ষা কৰি ঘৰে ঘৰে গৈ গ্ৰহণ কৰা এই কাৰ্যসূচীত উদীয়মান যুৱ ব্যৱসায়ীজনক শুভাংকৰ ঘোষ, হৰিপ্ৰসাদ কোঁৱৰ, ভাস্কৰ নাথ আৰু নিচা লিম্বুৱে সহযোগিতা আগবঢ়ায় । যুৱকজনৰ এনে প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লৈছে ।

লগতে পঢ়ক: বিজনীত ড্ৰাগছসহ এজন আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.