গোলাঘাট, 3 ডিচেম্বৰ: গোলাঘাটৰ লেটেকুজান চাহ বাগিচাত বনৰীয়া গাহৰিৰ সন্ত্ৰাস ৷ বনৰীয়া গাহৰিৰ আক্ৰমণত একেটা পৰিয়ালৰে তিনিজনকৈ লোক আহত হৈছে। আক্ৰমণৰ ফলত লেটেকুজান চাহ বাগিচাৰ তিনি ভাতৃ কামিৰ আলি,কৰিম আলি আৰু তমিজ আলি গুৰুতৰভাৱে আহত হয়। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত তিনি ভাতৃ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ৷ ঘটনাৰ ফলত তেওঁলোকৰ মাতৃ চালেহা খাটুনো কিছু পৰিমাণ আঘাতপ্ৰাপ্ত হয় ৷
পৰিয়ালটোৱে জানিবলৈ দিয়া অনুসৰি,এটা বনৰীয়া গাহৰি হঠাৎ তেওঁলোকৰ বাসগৃহত প্ৰৱেশ কৰি মাতৃ চালেহা খাতুনক আক্ৰমণ কৰে । মাতৃক ৰক্ষা কৰিবলৈ যাওতেই গুৰুতৰভাৱে আহত হয় কামিৰ আলি আৰু কৰিম আলি। দুই ভাতৃক খুচি কামুৰি বনৰীয়া গাহৰিটোৱে আঘাত কৰাৰ পাচতে অন্য এগৰাকী ভাতৃ তমিজ আলিয়ে খেদি গৈ গাহৰিটো নিধন কৰিবলৈ সক্ষম হয়। গাহৰি নিধনৰ পাচতে ভয় আৰু শংকাত মানসিকভাৱে অস্থিৰ হৈ পৰিছে তমিজ আলি। সমগ্ৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।