ETV Bharat / state

গোলাঘাটত বিশুদ্ধ খোৱা পানীৰ নামত বৰ বিহ - গোলাঘাট

গোলাঘাট জিলা উপায়ুক্ত, পৌৰপতি আৰু জনস্বাস্থ্য কাৰিকৰী বিষয়াৰ উপস্থিতিত বিশুদ্ধ খোৱা পানী যোগানত প্ৰশাসনৰ ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰাৰ লগতে নুমলীগড় তেল শোধানাগাৰে যমুনা পুখুৰী চাফাইৰ নামত দিয়া 19 লাখ টকা আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন কৰে নগৰৰ সচেতন ৰাইজে ।

গোলাঘাটত বিশুদ্ধ খোৱা পানীৰ নামত বৰ বিহ
author img

By

Published : Apr 26, 2019, 9:04 PM IST

গোলাঘাট,26 এপ্ৰিল : গোলাঘাটত বিশুদ্ধ খোৱা পানী যোগানৰ নামত বৰ বিহ ৷ বিশুদ্ধ খোৱা পানীৰ নামত পৌৰসভাই নগৰবাসীৰ জীৱনক লৈ খেলা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

গোলাঘাট জিলা উপায়ুক্ত, পৌৰপতি আৰু জনস্বাস্থ্য কাৰিকৰী বিষয়াৰ উপস্থিতিত বিশুদ্ধ খোৱা পানী যোগানত প্ৰশাসনৰ ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰাৰ লগতে নুমলীগড় তেল শোধানাগাৰে যমুনা পুখুৰী চাফাইৰ নামত দিয়া 19 লাখ টকা আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন কৰে নগৰৰ সচেতন ৰাইজে । উল্লেখ্য যে, গোলাঘাট পৌৰসভাই ধনশিৰি নদীৰ পৰা পাইপেৰে পানী জমা কৰে নগৰৰ মাজমজিয়াত অৱস্থিত যমুনা পুখুৰীত । এই যমুনা পুখুৰীটো এটা জলাশয়ত অৱস্থিত হোৱাৰ বাবেই শৌচালয়ৰ পানী, নগৰৰ আৱৰ্জনা আৰু নলা-নৰ্দমাৰ পানী সোমাই বিষাক্ত কৰাৰ অভিযোগ দীৰ্ঘদিনৰ পৰাই কৰি আহিছে ৰাইজে । সুদীৰ্ঘ 35 টা বছৰে উক্ত জলাশয়টো চাফা নকৰাৰ ফলতেই আৱৰ্জনাৰে ভৰি পৰাৰ বাবে শেহতীয়াকৈ গোলাঘাটত টাইফইড আৰু বিভিন্ন জটিল ৰোগত বহু লোক আক্ৰান্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

গোলাঘাটত বিশুদ্ধ খোৱা পানীৰ নামত বৰ বিহ

আনহাতে, জলাশয়টো চাফাইৰ বাবে 19 লাখ টকাৰ নিবিদা আহ্বান কৰি গোলাঘাট পৌৰসভাই চাফাই অভিযান অব্যাহত ৰাখিছে যদিও অতি লেহেমীয়া গতিত চলাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ৰাইজৰ অভিযোগৰ পাচত শুকুৰবাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৌৰপতিক লৈ জলাশয়টোৰ পৰিৱেশৰ বুজ লয় গোলাঘাট জিলা উপায়ুক্তই । ইয়াৰ মাজতে পৌৰসভাৰ কাৰ্যৰ বিৰোধিতা কৰি উপায়ুক্তৰ সন্মুখতে পৌৰপতি আৰু অভিযন্তাক কঠোৰ সকিয়নী প্ৰদান কৰে নগৰৰ সচেতন লোকসকলে । কেৱল এয়াই নহয়, নগৰবাসীক আৰ্চেনিক মুক্ত বিশুদ্ধ পানী খোৱাৰ নামতো বৰবিহ খোৱাই থকাক লৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে একাংশ সচেতন নাগৰিকে ৷

Golaghat,26.04.2019
SLUG : GOLAGHAT DARTY  WATER SUPPLY
A_GLT_802_26APRIL_GOLAGHAT_WATER_SUPPLY_VISUAL_DIGANTA_SAHU
A_GLT_803_26APRIL_GOLAGHAT_WATER_SUPPLY_BYTE_1_DIGANTA_SAHU
A_GLT_803_26APRIL_GOLAGHAT_WATER_SUPPLY_BYTE_2_DIGANTA_SAHU
O.C. : গোলাঘাটত বিশুদ্ধ খোৱা পানী যোগানৰ নামত পৌৰ সভাই খুৱাইছে বৰ বিহ।  বিশুদ্ধ খোৱা পানী যোগানৰ নামত পৌৰসভাই নগৰবাসীৰ জীৱনক লৈ খেলা কৰাৰ অভিযোগত উত্তপ্ত পৰিস্থিতি। গোলাঘাট জিলা উপায়ুক্ত, পৌৰপতি আৰু জনস্বাস্থ্য কাৰিকৰী বিষয়াৰ উপস্থিতিত নগৰৰ সচেতন ৰাইজে সৃষ্টি কৰে এই উত্তপ্ত পৰিস্থিতিৰ। বিশুদ্ধ খোৱা পানী যোগানত প্ৰশাসনৰ ব্যৰ্থতাৰ অভিযোগ উথাপন কৰাৰ লগতে এই আচনিৰ ধন আত্মসাৎ কৰাৰ ফন্দীৰ অভিযোগ ।
V.O. গোলাঘাট নগৰত পৌৰসভাই যোগান ধৰা পানী এতিয়া বিশুদ্ধ নহয় । খোৱা পানীৰ নামত খুৱাইছে বৰ বিহ। এই অভিযোগ গোলাঘাট নগৰ বাসীৰ। নুমলীগড় তেল শোধনাগাৰে যমুনা পুখুৰী ছাফাইৰ নামত দিয়া ১৯ লাখ টকা আত্মহাৎ কৰাৰ ফন্দী পতাৰো অভিযোগ। এই অভিযোগৰ পিছত গোলাঘাট জিলা উপায়ুক্তই পৰিদৰ্শন কৰে পানী যোগান আঁচনি। লগতে পৰিদৰ্শন কৰে পানী জমা কৰি ৰখা যমুনা পুখুৰীও। গোলাঘাট পৌৰসভাই যুগ যুগ ধৰি নগৰবাসীক যোগান ধৰি আহিছে খোৱা পানী । এই পানী আৰ্চেনিক মুক্ত নহয় বুলি অভিযোগ ৰাইজৰ। গোলাঘাট পৌৰ সভাই ধনশিৰি নদীৰ পৰা পাইপেৰে পানী উত্তোলন কৰি জমা কৰে  নগৰৰ মাজমজিয়াত অৱস্থিত যমুনা পুখুৰীত । এই যমুনা পুখুৰীটো অৱস্থিত এটা জলাশয়ত । উক্ত জলাশয়টোত শৌচালয়ৰ পানী, নগৰৰ আৱৰ্জনা আৰু নলা নৰ্দমাৰ পানী সোমাই বিষাক্ত কৰাৰ অভিযোগ দীৰ্ঘদিনৰ । যোৱা সুদীৰ্ঘ ৩৫ টা বছৰে উক্ত জলাশয়টো ছাফাই নকৰাৰ ফলত আৱৰ্জনাৰে ভৰি পৰাৰ বাবেই শেহতীয়াকৈ গোলাঘাটত টাইফদ আৰু বিভিন্ন জটিল ৰোগত বহু লোক আক্ৰান্ত হোৱাৰ অভিযোগ উথাপন হৈ আহিছে । শেহতীয়াকৈ এই জলাশয়টো ছাফাই কৰিবৰ  বাবে নুমলীগড় তেল শোধনাগাৰে ১৯ লাখ টকা আৱন্টন দিছে । জলাশয়টো ছাফাইৰ বাবে নিবিদা আহ্বান কৰি ছাফাই অব্যাহত ৰাখিছে গোলাঘাট পৌৰসভাই । এই কাৰ্যও অতি লেহেমীয়া গতিত চলাৰ অভিযোগ ৰাইজৰ । আচৰ্যজনক বিষয়টো হল গোলাঘাট পৌৰসভাৰ উপ পৌৰপতি গৰাকীয়ে বিষয়টো অজ্ঞাত প্ৰকাশ কৰাক লৈ সন্দেহ জাগ্ৰত হৈছে গোলাঘাট বাসীৰ । সেয়ে এই সকলে NRLৰ আৱন্টিত ধন আত্মসাতৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপিত কৰিছে। ৰাইজৰ অভিযোগৰ পিছত শুক্ৰবাৰে গোলাঘাট জিলাৰ উপায়ুক্তই জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৌৰপতিক লৈ জলাশয়টোৰ পৰিৱেশৰ বুজ লয়। ইয়াৰ মাজতে নগৰৰ সচেতন লোকসকলে পৌৰসভাৰ কাৰ্যৰ বিৰোধিতা কৰি উপায়ুক্তৰ সন্মুখতে পৌৰপতি আৰু অভিযন্তাক কঠোৰ সকিয়নী প্ৰদান কৰে। নগৰবাসীক আৰ্চেনিক মুক্ত বিশুদ্ধ পানী খোৱাৰ নামত বৰবিহ খোৱাই থকাক লৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে একাংশ সচেতন নাগৰিকে । 
Byte 1: উপায়ুক্ত।
Byte 2: নগৰ বাসী।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট Etv Bharat অসম।

Visual byte send by ftp.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.