ETV Bharat / state

গোলাঘাটত নিশা ৰোগীৰ সৈতে অবাঞ্চিত ব্যৱহাৰ

author img

By

Published : Jun 9, 2020, 6:52 PM IST

গোলাঘাটত নিশা চিকিৎসালয়ৰ পৰা অব্যাহতি পোৱা ২ মহিলা সহ ১৬ জন ৰোগীক মাজনিশা বাছ আস্থানত নমাই আঁতৰি গ'ল ৰোগী কঢ়িয়াই অনা গাড়ী ।

unfortunate incident in golaghat with patients

গোলাঘাট, ৯ জুনঃ গোলাঘাট জিলাৰ ১৬ গৰাকী ৰোগীক মাজনিশা বাছ আস্থানত নমাই আঁতৰি গ'ল ৰোগী কঢ়িয়াই অনা গাড়ী । প্ৰাপ্ত তথ্য অনুসৰি, আটাইকেইজন ৰোগী COVID-19ত আক্ৰান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । ৰোগীকেইগৰাকীৰ COVID-19 পৰীক্ষা নিগেটিভ ওলোৱাৰ পিচতে তেওঁলোকক সোমবাৰে নিশা ঘৰলৈ যাবলৈ দিয়া হৈছিল । কিন্তু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা আনি তেওঁলোকক মাজনিশা বাছ আস্থানত নমাই থৈ যায় ।

গোলাঘাটত নিশা ৰোগীৰ সৈতে অবাঞ্চিত ব্যৱহাৰ

ৰোগী সকলৰ ভিতৰত গোলাঘাট জিলাৰ মেৰাপানী,নাওজান,উৰিয়ামঘাট,চুকীয়াপথাৰ আদি ভিন্ন ঠাইৰ লোক আছিল । তাৰে দুগৰাকী ধনশিৰি মহকুমাৰো আছিল বুলি জানিব পৰা গৈছে । তেওঁলোকে গোলাঘাটৰ আৰক্ষী চকীত খবৰ দিয়ে যদিও,আৰক্ষী চকীৰ বাহিৰতে গোটেই নিশা মহৰ কামোৰ খাই কটাবলগীয়া হয় বুলিও জানিবলৈ দিয়ে ভুক্তভোগী লোক কেইগৰাকীয়ে । লোক কেইগৰাকীয়ে মঙলবাৰ পুৱা খোজকাঢ়ি আহি থাকোতে এখন মালবাহী ট্ৰাকত উঠি বৰপথাৰলৈ আহে আৰু বৰপথাৰৰ পৰা বেটেৰী ৰিক্সা ভাড়া কৰি সৰুপথাৰলৈ আহি ঘৰলৈ বুলি এখন টেম্পো ভাড়া কৰি লৈ যায়।

লগতে চাওকঃ উচ্চ শিক্ষাৰ বাবে আৰ্থিক দৈন্যতা হেঙাৰ হৈ পৰিব নেকি স্নেহা চক্ৰৱৰ্তীৰ বাবে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.