ETV Bharat / state

ৰাইজৰ জালত তিনি ছাগলী চোৰঃ পাছৰ দৃশ্য চাওক - Three thief detained at Morongi by locals

ৰাইজে উত্তম-মধ্যম শোধাই অৱশেষত আৰক্ষীক গতাই দিয়ে চোৰকেইটাক ৷

Three thief detained at Morongi of Golaghat by locals
গোলাঘাটত ৰাইজৰ জালত তিনি ছাগলী চোৰ
author img

By

Published : Jul 19, 2020, 9:38 AM IST

গোলাঘাট, 19 জুলাই: ৰাজ্যত কৰ'ণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে ৰাজ্যৰ বহু ঠাইত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৷ শনিবাৰে গোলাঘাটৰ মৰঙীত চুৰি কৰি অনা ছাগলী সহ ৰাইজে কৰায়ত্ত্ব কৰিলে তিনিটাকৈ ছাগলী চোৰক ৷ চোৰকেইটা ক্ৰমে গোলাঘাট শালমৰাৰ মাইনা আলী, বগীজানৰ সঞ্জু ভুমিজ আৰু লুৰুকিহাতৰ ইয়াচিন আলী বুলি জনাইছে আৰক্ষীয়ে ৷ ৰাইজে উত্তম-মধ্যম শোধাই অৱশেষত আৰক্ষীক গতাই দিয়ে চোৰকেইটাক ৷

মৰঙীত ছাগলী চোৰক উত্তম-মধ্যম ৰাইজৰ

উল্লেখ্য যে, AS05 C8102 নম্বৰৰ 'শুভ যাত্ৰা' নামৰ এখন যাত্ৰীবাহী মেজিক গাড়ীত চুৰি ছাগলী সহ পলায়ন কৰিছিল চোৰকেইটাই ৷ কিন্তু স্থানীয় লোকে পি‍ছে পি‍ছে‍ খেদি মৰঙীত ধৰিবলৈ সক্ষম হয় চোৰ কেইটাক ৷ পাছত আৰক্ষীয়ে চোৰকেইটাক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে গোলাঘাটৰ কুশল কোঁৱৰ আসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷

গোলাঘাটত ৰাইজৰ জালত তিনি ছাগলী চোৰ

ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ মৰিগাঁৱৰ সোণাৰি গাঁৱত নিশা পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.